‘গণতন্ত্ৰক হত্যা! মোডীয়ে একনায়কত্ব ঘোষণা কৰক’; দলৰ প্ৰতীক হেৰুওৱাৰ পিছত বিস্ফোৰক উদ্ধৱ ঠাকৰে

উদ্ধৱ ঠাকৰে। ফাইল ফটো।

দেশত এতিয়া আৰু কোনো গণতন্ত্ৰ নাই। দলৰ প্ৰতিষ্ঠাপক বালাচাহেব ঠাকৰেৰ পুত্ৰ উদ্ধৱ ঠাকৰেই নিৰ্বাচন আয়োগৰ নিৰ্দেশত শিৱসেনাৰ নাম আৰু প্ৰতীক হেৰুওৱাৰ পিছত এইদৰে কয়। শুকুৰবাৰে নিশাই আয়োগে জনাইছিল যে উদ্ধৱ নেতৃত্বাধীন শিৱসেনাৰ অংশটোৱে আৰু নিজকে শিৱসেনা বুলি পৰিচয় দিব নোৱাৰিব। দলৰ তীৰ ধনু প্ৰতীক ব্যৱহাৰ কৰিব নোৱাৰিব।

আয়োগৰ উক্ত ঘোষণাৰ পিছতে উদ্ধৱে নিশা ৮-৩০ বজাত এখন সংবাদমেল আহ্বান কৰে। নিৰ্বাচন আয়োগৰ বিশ্বাসযোগ্যতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি তেওঁ কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবাৰ দেশত একনায়কত্ব ঘোষণা কৰক। কিয়নো দেশত এতিয়া কোনো গণতন্ত্ৰ বাকী নাই।‘’

ঠাকৰে লগতে কয় যে তেওঁলোকে নিৰ্বাচন আয়োগৰ নিৰ্দেশনাত যুঁজ এৰি দিয়া নাই। ইয়াৰ পৰিৱৰ্তে তেওঁৰ নেতৃত্বত শিৱসেনাৰ সৈনিকসকল এতিয়া অধিক ঐক্যবদ্ধ হৈ পৰিছে। তেওঁলোকে সিদ্ধান্তটোক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়লৈ যাব। তেওঁলোকৰ বিশ্বাস যে তেওঁলোকে তাত ন্যায় পাব।

শুকুৰবাৰে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে সংবাদমেলত উদ্ধৱে এটাৰ পিছত এটাকৈ তীব্ৰ সমালোচনা আগবঢ়ায়। তেওঁ কয়, “কেইদিনমান আগতে এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে ৰাজহুৱাভাৱে কৈছিল যে শিৱসেনাৰ নাম আৰু প্ৰতীক সন্দৰ্ভত সিদ্ধান্ত তেওঁলোকৰ পক্ষত আহিব।‘’ মহাৰাষ্ট্ৰত এতিয়া শিৱসেনা আৰু একনাথ চিন্দেৰ নেতৃত্বত বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰ। উদ্বৱ ঠাকৰে প্ৰশ্ন কৰে, “কেন্দ্ৰীয় মন্ত্ৰীজনে নিৰ্বাচন আয়োগৰ সিদ্ধান্তৰ বিষয়ে আগতীয়াকৈ কেনেকৈ জানিছিল? তেনেহ’লে এই সিদ্ধান্তটো পূৰ্ব পৰিকল্পিত ষড়যন্ত্ৰ আছিলনেকি?”

এই সন্দৰ্ভত তেওঁ নিৰ্বাচন আয়োগৰ ওপৰত পোনপটীয়া আক্ৰমণেৰে প্ৰশ্ন কৰে, ‘’তেওঁলোকে আমাক নথিপত্ৰ বিচাৰিছিল। সমৰ্থনৰ প্ৰমাণ বিচাৰিছিল। আমি এই সকলোবোৰ দিছিলো। কিন্তু নিৰ্বাচন আয়োগৰ সিদ্ধান্ত স্পষ্ট যে তেওঁলোকে কি কৰিব সেয়া আগতীয়াকৈ সিদ্ধান্ত লোৱা হৈছিল। নিৰ্বাচন আয়োগে যি কৰিছে সেয়া প্ৰকৃততে গোবৰ খোৱাৰ দৰে। কিন্তু  আয়োগে যেতিয়া গোবৰেই বিচাৰিছিল, তেতিয়া তেওঁলোকে এই সস্তীয়া নাটক কিয় কৰিলে?”

শিৱসেনাক এনেদৰে বাধা দিব নোৱাৰি বুলি স্পষ্ট কৰি উদ্ধৱে তেওঁৰ সংবাদমেলত কয়, “উচ্চতম ন্যায়ালয়ৰ দৰে বিভিন্ন দলৰ মতামতত ন্যায়াধীশ নিৰ্বাচিত হয়। একেদৰে, নিৰ্বাচন আয়োগতো বিৰোধী দলবোৰৰ মতামত লৈ নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে।”