NORTHEAST NOW (Assamese)

জিপি সিঙৰ ফেচবুক পোষ্ট : মৰাণত আৰক্ষীৰ গুলীত আহত আলফা(স্বাঃ)ৰ লিংকমেন

July 23, 2023 7:14 pm · এন ই নাও নিউজ, গুৱাহাটী

অসমত পুনৰ সক্ৰিয় হৈ উঠিছে আলফা স্বাধীন। উজনি অসমৰ বিভিন্ন ব্যৱসায়ীয়ে আলফাৰ পৰা লাভ কৰিছে ধন দাবীৰ পত্ৰ।  ইয়াৰ পিছতেই আলফাৰ বিৰুদ্ধে ব্যাপক অভিযান চলাই আহিছে অসমৰ আৰক্ষীয়ে। 

ইয়াৰ মাজতে সংঘটিত হৈছে আন এক ঘটনা। মৰাণত আৰক্ষীৰ গুলীচালনাৰ চিকাৰ হৈছে আলফা(স্বাঃ)ৰ লিংকমেন।

মৰাণৰ খোৱাঙত সংঘটিত হৈছে এই ঘটনা। আহত লিংকমেনজনৰ নাম হেম চেতিয়া বুলি জানিব পৰা গৈছে। লিংকমেনজনে ডিব্রুগড়, তিনিচুকীয়াত ধনদাবী কৰাৰ অভিযোগ উত্থাপন হৈছিল।

ধনদাবীৰ তথ্য লাভ কৰাৰ পাছতেই আৰক্ষীয়ে অভিযান চলাইছিল খোৱাং অঞ্চলত। আৰক্ষীৰ অভিযানকালতেই গুলীবিদ্ধ হয় লিংকমেনজন। ঘটনাৰ সন্দৰ্ভত অধিক তথ্যৰ বাবে আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

ঘটনা সন্দৰ্ভত ফেচবুক যোগে জনাইছে আৰক্ষী অধীক্ষক জিপি সিঙে।

উল্লেখ্য যে ডিব্ৰুগড়ত আলফা (স্বাঃ)ৰ আন এগৰাকী মহিলা লিংকমেন পুষ্পাঞ্জলী গগৈক নগদ তিনি লাখ টকাৰ সৈতে আটক কৰিছে আৰক্ষীয়ে।

লগতে পঢ়কঃ অৰুণাচল প্ৰদেশত আত্মসমৰ্পন কৰিলে দুই আলফা কেডাৰে

লগতে পঢ়কঃ ডিব্ৰুগড়ত ৩ লাখ টকাসহ আটক আলফা (স্বাধীন)ৰ মহিলা লিংকমেন

Related News