NORTHEAST NOW (Assamese)

অন্তিম মুহূৰ্তত পিছুৱালে UGC NET-ৰ ১৭টা বিষয়ৰ পৰীক্ষা! বাকীবোৰ কেতিয়া হ’ব? কি জনালে NTA-ই

January 14, 2025 9:21 am · এন ই নাও নিউজ, গুৱাহাটী

UGC-NET-ৰ ১৭টা বিষয়ৰ পৰীক্ষা পিছুৱাই দিয়া হৈছে। সেই বিষয়বোৰৰ পৰীক্ষা আছিল অহা বুধবাৰে (১৫ জানুৱাৰী)। কিন্তু মকৰ সংক্ৰান্তি, ভোগালী বিহু আৰু পংগলৰ দৰে উৎসৱৰ বাবে সেইদিনা পৰীক্ষা পিছুৱাই দিয়া হৈছে বুলি আয়োজক সংস্থা ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা (এনটিএ)ৰ তৰফৰ পৰা জনোৱা হৈছে। বৰ্তমান সেই বিষয়সমূহৰ পৰীক্ষা কেতিয়া হব সেই সন্দৰ্ভত একো জনোৱা হোৱা নাই।

অৱশ্যে অহা বৃহস্পতিবাৰে (১৬ জানুৱাৰী) অনুষ্ঠিত হ’বলগীয়া বিষয়ৰ পৰীক্ষাসমূহ নিৰ্ধাৰিত সময়সূচী অনুসৰি অনুষ্ঠিত হ’ব। প্ৰাৰম্ভিক সময়সূচী অনুসৰি সেইদিনাই শেষ হোৱাৰ কথা আছিল UGC-NET পৰীক্ষা। কিন্তু পৰিৱৰ্তিত পৰিস্থিতিত সেয়া হৈ নুঠিব।

সোমবাৰে সন্ধিয়া এন টি এৰ সঞ্চালক (পৰীক্ষা) ৰাজেশ কুমাৰে কয় যে, “পংগল আৰু মকৰ সংক্ৰান্তিৰ দৰে উৎসৱৰ বাবে ১৫ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষা পিছুৱাই দিবলৈ এন টি এক অনুৰোধ কৰা হৈছিল।” পৰীক্ষাৰ্থীৰ স্বাৰ্থত স্থগিত ৰখা হৈছে পৰীক্ষা। পৰীক্ষাৰ নতুন তাৰিখ পিছত ঘোষণা কৰা হ’ব। লগতে তেওঁ কয়, ‘১৬ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাটো পূৰ্ব নিৰ্ধাৰিত সময়সূচী অনুসৰি অনুষ্ঠিত হ’ব।’

প্ৰশ্ন উত্থাপন হৈছে যে যেতিয়া ইউজিচি-নেট (ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষা) পৰীক্ষাৰ তাৰিখ ঘোষণা কৰা হৈছিল, তেতিয়া এনটিএই জনা নাছিলনে যে ১৫ জানুৱাৰী উৎসৱৰ সময় হ’ব? কোনো পক্ষৰ লগত সূচী সম্পৰ্কে আলোচনা কৰা নাছিল নেকি? পৰীক্ষা আৰম্ভ হোৱাৰ ৩৬ ঘন্টাৰ আগতে হঠাৎ কিয় ঘোষণা কৰা হ’ল যে পৰীক্ষা পিছুৱাই দিয়া হৈছে?

অৱশ্যে সেই প্ৰশ্নবোৰৰ উত্তৰ পোৱা নগ’ল। যোৱা বছৰো এনটিএই শেষ মুহূৰ্তত ইউজিচি-নেট পৰীক্ষা পিছুৱাই দিয়াৰ কথা ঘোষণা কৰিছিল। সেই ক্ষেত্ৰত অৱশ্যে পৰীক্ষাৰ কোনো নিৰ্দিষ্ট দিন পিছুৱাই দিয়া হৱা নাছিল, সমগ্ৰ ইউজিচি-নেট সাময়িকভাৱে বাতিল কৰা হৈছিল। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ পৰা পৰীক্ষাৰ স্বচ্ছতাৰ লগত আপোচ কৰা বুলি তথ্য লাভ কৰি এন টি এয়ে পৰীক্ষা বাতিল কৰাৰ কথা ঘোষণা কৰিছিল। পিছত পুনৰ পৰীক্ষাটো অনুষ্ঠিত কৰা হয়।

১৫ জানুৱাৰীত কি কি বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা ছিল?

১) সংস্কৃত।

২) জাৰ্নেলিজম এণ্ড মাছ কমিউনিকেশ্যন।

৩) জাপানীজ।

৪) পাৰ্ফমিং আৰ্ট- নৃত্য বা নাটক বা থিয়েটাৰ।

৫) ইলেকট্ৰনিক ছায়েঞ্চ।

৬) উইমেন ষ্টাডিজ।

৭) আইন।

৮)নেপালী।

৯) ইণ্ডিয়ান নলেজ চিষ্টেম।

১০) মালয়ালম।

১১) উৰ্দু।

১২) লেবাৰ ৱেলফেয়াৰ বা পাৰ্ছনেল মেনেজমেন্ট বা ইণ্ডাষ্ট্ৰিয়েল ৰিলেছনছ বা লেবাৰ এণ্ড ছচিয়েল ৱেলফেয়াৰ বা হিউমেন ৰিচোৰ্ছ মেনেজমেন্ট।

১৩) ক্ৰমিনোলজি।

১৪) জনজাতীয় আৰু আঞ্চলিক ভাষা বা সাহিত্য।

১৫) লোক সাহিত্য।

১৬) কংকনী।

১৭) পৰিৱেশ বিজ্ঞান।

Related News