মণিপুৰত হিংসা বিয়পোৱাৰ অভিযোগত ব্ৰিটেইনৰ অধ্যাপকৰ বিৰুদ্ধে গোচৰ ৰুজু; অধ্যাপকৰ সমৰ্থনত কুকি ছাত্ৰ সংগঠনৰ প্ৰতিবাদ

সংযুক্ত গণৰাজ্যত বাস কৰা ভাৰতীয় মূলৰ এজন অধ্যাপকে মণিপুৰত ছ’চিয়েল মিডিয়াৰ জৰিয়তে জাতিগত হিংসাৰ উচটনি দিয়াৰ অভিযোগত গোচৰ ৰুজু হৈছে। স্মৰ্তব্য যে মণিপুৰত এবছৰতকৈও অধিক সময় ধৰি জাতি সংঘাত চলি আছে।

প্ৰতিবেদন অনুসৰি বাৰ্মিংহাম বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞানৰ অধ্যাপক উদয় ৰেড্ডীৰ বিৰুদ্ধে স্থানীয় বাসিন্দাই ইম্ফল থানাত এফআইআৰ দাখিল কৰিছে।

টাইমছ অৱ ইণ্ডিয়াৰ তথ্য অনুসৰি অধ্যাপকগৰাকীৰ এক্স হেণ্ডেল @Kautilya33কো ​​নিষেধাজ্ঞা আৰোপ কৰা হৈছে।আনহাতে, কুকি ষ্টুডেণ্টছ অৰ্গেনাইজেশ্যনৰ দিল্লী শাখাই ৰেড্ডীৰ বিৰুদ্ধে এফআইআৰক গৰিহণা দিছে।

এনডিটিভিৰ মতে, ‘কেএছঅ’ই সোমবাৰে (১ জুলাই, ২০২৪) এক বিবৃতি জাৰি কৰি কয় যে আৰক্ষীৰ কাৰ্যই ‘এই ধাৰাটো দেখুৱাইছে য’ত এন. বীৰেন সিং নেতৃত্বাধীন মণিপুৰ চৰকাৰৰ অনিয়ম উদঙাই দিয়া ব্যক্তি আৰু সংগঠনক অন্যায়ভাৱে লক্ষ্য কৰি লোৱা হয়।

ইম্ফলৰ এজন বাসিন্দাই দাখিল কৰা এফআইআৰ অনুসৰি ৰেড্ডীয়ে তেওঁৰ ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে মণিপুৰৰ জনগোষ্ঠীৰ মাজত উত্তেজনা সৃষ্টি কৰিছে।

ৰেড্ডীৰ বিৰুদ্ধে এফআইআৰ প্ৰত্যাহাৰ কৰাৰ লগতে মণিপুৰৰ ঐতিহাসিক আৰু বৰ্তমানৰ বাস্তৱতাক পোহৰলৈ অনা ব্যক্তিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ বন্ধ কৰাৰ দাবী জনাইছে কেএছঅ’ই।

টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত বাতৰি অনুসৰি কে এছ অ’ই নিজৰ বিবৃতিত কয় যে, ‘এইটো স্পষ্ট যে ভাৰতীয় মূলৰ অধ্যাপক ৰেড্ডী ভাৰতক ভালপোৱা, দেশ আৰু জনসাধাৰণৰ সৈতে গভীৰ সম্পৰ্ক থকা আৰু নিজৰ দায়বদ্ধতাৰ বাবে পৰিচিত ব্যক্তি,তেওঁৰ সত্য আৰু ন্যায়ৰ বাবে লক্ষ্য কৰি লোৱা হৈছে। ছ’চিয়েল মিডিয়াত অধ্যাপকগৰাকীৰ সক্ৰিয়তা কেতিয়াও মেইটেই জনগোষ্ঠীক বদনাম কৰা নাছিল, বৰঞ্চ মণিপুৰৰ হিংসাৰ সৈতে জড়িত জটিল সত্যবোৰ আগুৱাই নিয়াহে আছিল৷