NORTHEAST NOW (Assamese)

ব্ৰিটেইনৰ পৰা অসমলৈ উভতি অহা এজনৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ

December 25, 2020 1:22 pm · এন ই নাও নিউজ
গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ। ফাইল ফটো।

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে জানিবলৈ দিয়ে যে ব্ৰিটেইনৰ অসমলৈ উভতি অহা এজন ব্যক্তিৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে।

স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কয় যে ব্ৰিটেইনৰ পৰা উভতি অহাৰ পাছত ব্যক্তিগৰাকীৰ পজিটিভ ধৰা পৰে। প্ৰতিদিন টাইমৰ বাতৰিত প্ৰকাশ পাইছে এইকথা।

স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে লগতে জানিবলৈ দিয়ে যে এইটো ব্ৰিটেইনত পোৱা নতুন ৰূপৰ কৰ’নাভাইৰাছ হয়নে নহয় সেয়া নিশ্চিত হোৱা নাই।

তেওঁ লগতে কয় যে অহা তিনিদিনৰ পাছত সেয়া নিশ্চিত হ’ব।

আনহাতে, মন্ত্ৰীগৰাকীয়ে কোভিড-১৯ লকডাউনৰ সম্পৰ্কত কয় যে চৰকাৰে এতিয়ালৈকে কোনো লকডাউন বলবৎ কৰাৰ পৰিকল্পনা কৰা নাই।

তেওঁ কয় যে অহা ১ জানুৱাৰিৰ পৰা নতুন বছৰৰ আৰম্ভণিৰ দিনাৰ পৰাই ৰাজ্যখনৰ জনসাধাৰণে এক নতন জীৱন যাপন কৰিব।

উল্লেখ্য যে বৃহস্পতিবাৰে ৰাজ্যখনৰ মুখ্য সচিব জিষ্ণু বৰুৱাই জাৰি কৰা এক নিৰ্দেশনা যোগে ৰাজ্যখনত জনসাধাৰণৰ সমাগমৰ ক্ষেত্ৰত কিছু বাধা-নিষেধ আৰোপ কৰিছে।

Related News