নতুন কৰ’না ভাইৰাছৰ ক্ষেত্ৰত কাৰ্যকৰী নহ’বও পাৰে ভেকচিন! কি ক’লে বিজ্ঞানীয়ে?

TrialSite-New-750x375

প্ৰতিনিধিত্বমূলক ফটো।

গোটেই বিশ্বতে কৰ’না ভাইৰাছৰ সংহাৰ চলি আছে। সেইদৰে আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যাও বৃদ্ধি পাইছে।

ইয়াৰম মাজতে বাতৰি প্ৰকাশ পাইছে যে কৰ’নাৰ ভেকচিন দক্ষিণ আফ্ৰিকাত পোৱা নতুন ধৰণৰ কৰ’না ভাইৰাছৰ ক্ষেত্ৰত কাৰ্যকৰী নহবও পাৰে।

ব্ৰিটেইনৰ বিজ্ঞানীসকলে এইদৰে শংকা প্ৰকাশ কৰিছে।

ব্ৰিটেইনৰ সংবাদ মাধ্যমে বিজ্ঞানীসকলৰ উদ্ধৃতিৰে জানিবলৈ দিছে এইকথা।

চৰকাৰৰ এগৰাকী বৈজ্ঞানিক উপদেষ্টাই জানিবলৈ দিছে যে ব্ৰিটেইনৰ স্বাস্থ্যমন্ত্ৰীয়ে দক্ষিণ আফ্ৰিকাত পোৱা কৰ’নাৰ নতুন ধৰণৰ ভাইৰাছক লৈ শংকিত।

ব্ৰিটেইনত পোৱা কৰ’নাৰ নতুন ষ্ট্ৰেনৰ বিৰুদ্ধে ভেকচিন কাৰ্যকৰী হ’লেও দক্ষিণ আফ্ৰিকাত পোৱা নতুন ধৰণৰ কৰ’না ভাইৰাছৰ ক্ষেত্ৰত এইটো কাৰ্যকৰী হ’ব বুলি নিশ্চিত নহয় বিজ্ঞানীসকল।

দেশখনৰ স্বাস্থ্যমন্ত্ৰী মেট হেনককেও সোমবাৰে জানিবলৈ দিয়ে যে নতুন ধৰণৰ কৰ’না ভাইৰাছক লৈ তেওঁ শংকিত।

উল্লেখ্য যে ব্ৰিটেইন আৰু দক্ষিণ আফ্ৰিকাত যোৱা মাহত নতুন ধৰণৰ কৰ’না ভাইৰাছৰ সন্ধান পোৱা যায়।

বিজ্ঞানীসকলে দাবী কৰে যে দক্ষিণ আফ্ৰিকাত পোৱা কৰ’নাৰ নতুন ধৰণ আন দেশৰ কৰ’নাৰ ধৰণতকৈ সম্পূৰ্ণ সুকীয়া আৰু এইটো অধিক সংক্ৰামক।