NORTHEAST NOW (Assamese)

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ: কিয়েভত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান, পাঁচ সেনা নিহত

February 24, 2022 7:19 pm · এন ই নাও নিউজ, গুৱাহাটী

ক্ৰমাৎ যুদ্ধৰ বিভীষিকাই দহিছে ইউক্ৰেইন। যুদ্ধৰ দাবানলে আতংকিত কৰিছে দেশখন। শেহতীয়াকৈ কিয়েভত ইউক্ৰেইনৰ এখন সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ খবৰ পোৱা গৈছে।

দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমানখনত প্ৰায় ১৪ জন লোক আছিল বুলি ইউক্ৰেইনৰ স্থানীয় সংবাদ সংস্থা AFP য়ে।

এই দুৰ্ঘটনাৰ ফলত পাঁচজন সামৰিক বাহিনীৰ জোৱান নিহত হৈছে বুলি ইউক্ৰেইনৰ জৰুৰীকালীন বিভাগে সদৰি কৰিছে।

আনহাতে ইউক্ৰেইনৰ চৰকাৰী বিবৃতি অনুসৰি ৰাছিয়াৰ সৈন্যৰ আক্ৰমণত এতিয়ালৈকে প্ৰায় ৪০ জন লোক নিহত হৈছে।

বিবৃতিটোত লগতে ৫০ জন ৰাছিয়ান সেনাও নিহত হৈছে বুলি দাবী কৰা হৈছে।

আনহাতে ৰাছিয়াই ইউক্ৰেইনৰ বিমান ঘাটিসমূহত সামৰিক দখল কৰা বুলি নিশ্চিত কৰিছে।

তদুপৰি ইউক্ৰেইনৰ পূবত থকা দুটা অঞ্চল সম্পূৰ্ণৰূপে ৰাছিয়াৰ নিয়ন্ত্ৰণাধীন হোৱা বুলি দাবী কৰা হৈছে।

Related News