ৰাছিয়া-ইউক্ৰেইন যুদ্ধ: আজি দিল্লীত উপস্থিত হ’ব গুলীবিদ্ধ ভাৰতীয় ছাত্ৰ

Indian student in Ukraine

শুকুৰবাৰে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ মাজতে কিয়েভত গুলীবিদ্ধ হোৱা এজন ভাৰতীয় ছাত্ৰ আজি ভাৰতলৈ উভতি আহিব।

অপাৰেচন গংগাৰ অধীনত কঢ়িয়াই অনা আন ২০০ জন ভাৰতীয়ৰ সৈতে হৰজ্যোত সিং নামৰ ছাত্ৰজন আজি সন্ধিয়া দিল্লীৰ ওচৰৰ হিন্দন বিমান বন্দৰত অৱতৰণ কৰিব।

তেওঁলোকক যুদ্ধবিধস্ত ইউক্ৰেইনৰ চুবুৰীয়া দেশ পোলেণ্ডৰ পৰা দেশলৈ ঘূৰাই অনা হৈছে।

প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, গুলীবিদ্ধ সিঙ পোলেণ্ড ৰেডক্ৰছ এম্বুলেন্সৰ সহযোগত সীমান্ত অতিক্ৰম কৰি পোলেণ্ডত প্ৰৱেশ কৰিছিল।

কেন্দ্ৰীয় মন্ত্ৰী জেনেৰেল ভি কে সিঙে এটা টুইটযোগে কয়, “কিয়েভত যুদ্ধৰ সময়ত ভাৰতীয় ছাত্ৰ হৰজ্যোত সিং গুলীবিদ্ধ হৈছিল। বিশৃংখল পৰিস্থিতিত তেওঁৰ পাছপোৰ্টও হেৰাই গৈছিল। আমি জনাবলৈ পাই আনন্দিত যে হৰজ্যোত কাইলৈ ভাৰতত উপস্থিত হ’ব। আশা কৰোঁ ঘৰুৱা খাদ্য আৰু যত্নৰ দ্বাৰা তেওঁ দ্ৰুত আৰোগ্য হ’ব।”

উল্লেখ্য যে কিয়েভ এৰি যাবলৈ চেষ্টা কৰাৰ সময়ত হৰজ্যোত আঘাতপ্ৰাপ্ত হৈছিল।

ইউক্ৰেইনত আঘাতপ্ৰাপ্ত হোৱাৰ পিছত তেওঁ ইউক্ৰেইনস্থিত দূতাবাসৰ পৰা কোনো সহায় লাভ কৰা নাই বুলি দাবী কৰিছিল।