Wedding in the time of War: অনিশ্চয়তাৰ মাজতো ইউক্ৰেইনত বৃদ্ধি পাইছে বিবাহ!

Ukraine sees wartime marriage rush ৰাছিয়াৰ সামৰিক অভিযানৰ বাবে এতিয়া ইউক্ৰেইনৰ চাৰিওফালে বোমা আৰু গুলী-বাৰুদৰ গোন্ধ বিয়পিছে। বহুলোকে এতিয়া প্ৰচণ্ড শব্দত টোপনিৰ পৰা সাৰ পায়, কোনোৱে এমুঠি অনিশ্চয়তা লৈ নিশা শুবলৈ যায় আৰু সেইদৰে জীৱনৰ পলবোৰ পাৰহৈ যায়। জীৱন আৰু মৃত্যুৰ সৈতে সময় ।

জীৱনটো এটা অনিশ্চিত গন্তব্যস্থানতো ৰৈ নাযায়। নিজৰ নিয়ম অনুসৰি জীৱন ৰথ আগবাঢ়ে, সপোনে পোখা মেলে। মৃত্যু উপত্যকাত কিছুৱে হাতত ৰঙা গোলাপ লৈ থিয় হয় আৰু আৰম্ভ কৰে যুগ্ম জীৱনৰ সুখময় যাত্ৰা!

সংঘৰ্ষপীড়িত দেশ ইউক্ৰেইনতো এনে ধৰণৰ উৎসৱ আৰু জীৱন উদযাপনৰ কাহিনী আছে। টেটিয়ানা নামৰ এগৰাকী মহিলাই যুদ্ধ, বোমা আৰু গুলী-বাৰুদৰ বিভীষিকাৰ মাজতে আৱদ্ধ হৈছে বিবাহ পাশত।

তেওঁৰ বৰ্ণনাত বিয়াখন আছিল, “প্ৰথমতে মই ভাবিছিলো যে এইটো বজ্ৰপাত আছিল, কিন্তু আকাশ পৰিষ্কাৰ আছিল আৰু মই অনুভৱ কৰিছিলো যে গোলাবৰ্ষণ চলি আছে। … প্ৰাসংগিকভাৱে, মই ভাবিছিলো যে আমি বৰ্তমান আমাৰ বিবাহ বাতিল কৰা উচিত, কিন্তু মোৰ প্ৰেমিকে মোক কৈছিল যে এই যুদ্ধৰ বাবে আমাৰ পৰিকল্পনা পানী কৰাৰ আমাৰ কোনো অধিকাৰ নাই। ‘

এনেদৰে যুদ্ধক উপেক্ষা কৰি বিবাহ পাশত আৱদ্ধ হয় টেটিয়ানা দম্পতী। তেওঁলোকৰ দৰেই আৰু আন বহুতে অনিশ্চয়তাৰ মাজতে আৰম্ভ কৰিছে জীৱনৰ এটা নতুন অধ্যায়।

টেটিয়ানাৰ অঞ্চলটোত ৰাছিয়াৰ সামৰিক অভিযানৰ প্ৰথম সপ্তাহতে ১,৬০০ বিবাহ পঞ্জীয়ন কৰা হৈছিল। এইটো ২০২০ চনৰ গোটেই বছৰটোতকৈ বহুত বেছি। ২০২০ চনত অঞ্চলটোত ১৩০০ খন বিবাহহে হৈছিল।

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ আক্ৰমণৰ পাঁচ মাহত ৯,১২০ খন বিবাহ পঞ্জীয়ন কৰা হৈছে। এইটো ২০২১ চনৰ একেখিনি সময়তকৈ আঠগুণ বেছি। এই সময়খিনিত যোৱা বছৰ কিয়েভত ১,১১০ খন বিবাহ পঞ্জীয়ন হৈছিল।

যুদ্ধৰ সাজ পিন্ধা এনাষ্টাছিয়া নামৰ এজন যুৱকে কৈছিল, “যুদ্ধৰ সময়ত বিয়া কৰাটো সাহসৰ কাম আৰু এক কঠিন পদক্ষেপ। কিয়নো আপুনি নাজানে ভৱিষ্যতে কি হ’বলৈ গৈ আছে।‘’