আঁতৰা নাই সংকট! খেৰচন-মাইকোলাইভৰ পৰা অসামৰিক লোকসকলক স্থানান্তৰ কৰিছে ইউক্ৰেইনে

ফটো: সংগহীত।

ইউক্ৰেইনে চহৰখন পুনৰ দখল কৰাৰ পিছত খেৰছনৰ দক্ষিণ অঞ্চলৰ পৰা অসামৰিক লোকসকলক স্থানান্তৰ কৰি আছে। একে সময়তে মাইকোলাইভৰ বাসিন্দাসকলকো স্থানান্তৰ কৰা হৈছে।

ৰাছিয়াৰ গোলাবৰ্ষণৰ ফলত এই দুখন চহৰৰ ইন্ধন স্থাপনকে ধৰি বেছিভাগ গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি ধ্বংস হৈছে। ফলস্বৰূপে আৱাসীসকলে শীতকালত বৰ্তি থাকিবলৈ তথা ঘৰবোৰ উষ্ণ ৰাখিবলৈ পৰ্যাপ্ত বিদ্যুৎ নাপাব। সেইকাৰণে তেওঁলোকক আঁতৰাই নিয়া হৈছে।

ইউক্ৰেইনৰ বিষয়াসকলে দক্ষিণৰ চহৰ দুখনৰ বাসিন্দাসকলক কেন্দ্ৰীয় আৰু পূব দিশত সুৰক্ষিত স্থানলৈ যাবলৈ কৈছে।

লগতে পঢ়ক: এদিনতে কৰোনা সংক্ৰমিত ২৭ হাজাৰ! উদ্বিগ্ন চৰকাৰে দিছে গৃহবন্দী থকাৰ নিৰ্দেশ

ইউক্ৰেইনৰ উপ-প্ৰধানমন্ত্ৰী ইৰিনা ভেৰেসচুকে সোমবাৰে কয় যে চৰকাৰে দুয়োখন চহৰ এৰি যোৱা আৱাসীসকলক বাসস্থান, খাদ্য আৰু চিকিৎসা প্ৰদান কৰিব। তেওঁ লগতে কয় যে মহিলা আৰু শিশুসকলক অগ্ৰাধিকাৰ দিয়া হব।

ইউক্ৰেইন পৃথিৱীৰ আটাইতকৈ শীতল দেশসমূহৰ ভিতৰত এখন। শীতকালত দেশখনৰ তাপমাত্ৰা শূন্য ডিগ্ৰী চেলচিয়াছৰ তললৈ নামি যায়। ইতিমধ্যে ইউক্ৰেইনৰ ৰাজধানী কিয়েভ আৰু অন্যান্য চহৰত বৰফ পৰিছে।

ৰাছিয়াৰ সৈন্যই এতিয়া শান্তি আলোচনাৰ বাবে বাধ্য কৰিবলৈ আৰু চৰকাৰক শলঠেকত পেলাবলৈ ইউক্ৰেইনৰ শক্তি আন্তঃগাঁথনিক লক্ষ্য কৰি লৈছে।

লগতে পঢ়ক: দলবদ্ধ ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ আন্দামানৰ নিলম্বিত আইএএছ বিষয়া আৰ এল ঋষিক

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে জনায় যে ইয়াৰ ৫০ শতাংশ শক্তি আন্তঃগাঁথনি ৰাছিয়াৰ আক্ৰমণৰ দ্বাৰা ধ্বংসপ্ৰাপ্ত হৈছে।