‘ইউক্ৰেইনৰ ক’তো নাই নিৰাপদ স্থান, সকলোতে ঘুৰি ফুৰিছে ৰাছিয়াৰ গুপ্তচৰ’

WhatsApp Image 2022-03-17 at 3.48.27 PM

ইউক্ৰেইনৰ সকলোতে এতিয়া ৰাছিয়াৰ গুপ্তচৰ তথা দখলদাৰী গোট বা ডাইভাৰছন গ্ৰুপৰ বিচৰণ ঘটিছে। ইয়াৰ ফলত দেশখনৰ ক’তো আৰু নিৰাপদ স্থান নোহোৱা হৈ পৰিছে। ইউক্ৰেইনৰ গৃহমন্ত্ৰী ডেনিছ মোনাষ্টিৰস্কিয়ে এইকথা জানিবলৈ দিছে।

মোনাষ্টিৰস্কিয়ে কয়,‘’দুৰ্ভাগ্যজনকভাৱে ইউক্ৰেইনৰ কোনো স্থান এতিয়া আৰু ৰাছিয়াৰ সামৰিক ভাবুকিৰ পৰা মুক্ত নহয়। আমি এতিয়া এনেকুৱা এটা অঞ্চলৰ নাম ক’ব নোৱাৰো য’ত বোমাবৰ্ষণ হোৱা নাই অথবা য’ত কোনো দখলদাৰী গোটৰ উপস্থিতি নাই।‘’

আন্তৰ্জাতিক সংবাদ মাধ্যমৰ বাতৰিত এই তথ্য সদৰী কৰা হৈছে। মোনাষ্টিৰস্কিয়ে লগতে কৈছে যে ‘’এতিয়া সকলোতে সমস্যাই বিৰাজ কৰিছে।‘’

লগতে পঢ়ক: ৰাষ্ট্ৰসংঘৰ শীৰ্ষ আদালতত ৰাছিয়াৰ বিৰুদ্ধে ভোটদান ভাৰতীয় ন্যায়াধীশৰ

দেশখনৰ গৃহমন্ত্ৰীগৰাকীয়ে কয়, ’’এনেধৰণৰ গুপ্তচৰ বা অন্যান্য গোটৰ সদস্য প্ৰায় প্ৰতিদিনে কীয়েভত আটক কৰা হৈছে। ইউক্ৰেইনৰ পশ্চিমাঞ্চলতো আনকি তেওঁলোকৰ উপস্থিতি দেখা গৈছে। সেয়াই নহয়, উক্ত অঞ্চলসমূহৰ ক্ৰুজ ক্ষেপনাস্ত্ৰৰ বাবে সীমিত কৰি ৰখা সামৰিক ঘাটি বা বিমানবন্দৰৰ দৰে কৌশলগত স্থানসমূহতো তেওঁলোকৰ উপস্থিতি ধৰা পৰিছে।‘’

উল্লেখ্য যে যোৱা ২৪ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই বৃহস্পতিবাৰে ২২দিনত ভৰি দিছে। ইতিমধ্যে ৰাছিয়াই ইউক্ৰইনৰ কেইবাখনো চহৰত তেওঁলোকৰ নিয়ন্ত্ৰণ সাৱ্যস্ত কৰিছে।