ইউক্ৰেইনৰ লেখিকা ভিক্টোৰিয়া আমেলিনাৰ (৩৭) মৃত্যু ঘটিছে। ইউক্ৰেইনৰ লেখক সংস্থা পেন ইউক্ৰেইনে দেওবাৰে এই তথ্য প্ৰকাশ কৰে। যোৱা মঙলবাৰে ইউক্ৰেইনৰ পূব অঞ্চলৰ ক্ৰামাটৰ্স্ক চহৰৰ এখন ৰেষ্টুৰেণ্টত ৰাছিয়াৰ ক্ষেপণাস্ত্ৰই আঘাত কৰিছিল। ইয়াৰ ফলত ‘ৰিয়া পিজ্জা’ নামৰ জনপ্ৰিয় ৰেষ্টুৰেণ্টখন ধ্বংস হৈছিল। এই আক্ৰমণত ১২ জন লোক নিহত হয়। ভিক্টোৰিয়াকে ধৰি প্ৰায় ৬০ জন লোক আহত হৈছিল। পিছত তেওঁৰো মৃত্যু হ’ল।
এই আক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি পালে। পেন ইউক্ৰেইনে তেওঁলোকৰ ফেচবুক পেজত এক বিবৃতিত কয় যে, “অতি দুখেৰে জনাওঁ যে ইউক্ৰেইনৰ লেখিকা ভিক্টোৰিয়াৰ ১ জুলাইত ডিনিপ্ৰ’ অঞ্চলৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়!”
লগতে পঢ়ক: শচীন-সৌৰভৰ সৈতেও খেলিছিল; ভাৰতৰ UPSC উত্তীৰ্ণ একমাত্ৰ ক্ৰিকেটাৰগৰাকীক চিনি পায়নে?
পেন ইউক্ৰেইনৰ মতে, আক্ৰমণৰ সময়ত ভিক্টোৰিয়াই কলম্বিয়াৰ লেখক-সাংবাদিকৰ এটা প্ৰতিনিধি দলৰ সৈতে ক্ৰামাটৰ্স্কৰ এখন ৰেষ্টুৰেণ্টত খাদ্য গ্ৰহণ কৰি আছিল। আক্ৰমণত আহত হোৱা তেওঁক উদ্ধাৰ কৰি ডিনিপ্ৰ’ অঞ্চলৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসাধীন অৱস্থাতে তাতেই তেওঁৰ মৃত্যু হয়।
ভিক্টোৰিয়াৰ চিকিৎসাৰ সৈতে জড়িত এজন ব্যক্তিয়ে জনোৱা মতে, আহত লেখিকাগৰাকীৰ মূৰৰ খোলাত একাধিক আঘাত পাইছিল।
ইউক্ৰেইনৰ অন্যতম জনপ্ৰিয় যুৱ লেখিকা আছিল ভিক্টোৰিয়া। লেখক সংগঠন পেনে কয় যে যোৱা বছৰ ইউক্ৰেইনত ৰাছিয়াৰ পূৰ্ণাংগ আক্ৰমণ আৰম্ভ হোৱাৰ পৰাই ভিক্টোৰিয়াই ৰাছিয়াৰ যুদ্ধাপৰাধৰ নথিভুক্ত কৰাৰ কাম কৰি আহিছে। ৰাছিয়াক জবাবদিহি কৰিবলৈও তেওঁ প্ৰচাৰ চলাইছিল।
লগতে পঢ়ক: প্ৰেমে বয়স নামানে! দৰা ৭৯ বছৰীয়া, কইনাৰ বয়স ৩৬; তৃতীয় বিবাহৰ বাবে সাজু জনপ্ৰিয় পপ তাৰকা
এই সকলোবোৰ সক্ৰিয়তাৰেই কেৱল এই লেখকক অৱশ্যে জুখিব নোৱাৰি। ভিক্টোৰিয়াই তেওঁৰ সাহিত্যকৰ্মৰ বাবে কেইবাটাও বঁটা লাভ কৰিছিল। ইয়াৰ ভিতৰত আছে ইউৰোপীয় সংঘৰ সাহিত্য বঁটাও।