কুইপ’ৰ অপহৃত দুই বিষয়াক ‘চৰম শাস্তি’ নিদিয়ে আলফা(স্বা)এ : ফোন যোগে জনালে পৰেশ বৰুৱাই

index.jpg

‘চৰম শাস্তি মানে মৃত্যুদণ্ড নহয়’ গুৱাহাটী প্ৰেছ ক্লাৱৰ এজন সাংবাদিকলৈ ফোন কৰি জনাইছে পৰেশ বৰুৱাই।

কুইপ’ৰ দুই অপহৃত বিষয়াক চৰম শাস্তি দিয়াৰ পৰা বিৰত থাকিব আলফা(স্বা)এ। গুৱাহাটী প্ৰেছ ক্লাৱৰ এজন সাংবাদিৰলৈ ফোন যোগে এইদৰে কয় আলফা(স্বা)ৰ উপ সভাপতি তথা সেনাধ্যক্ষ পৰেশ বৰুৱাই।

ইয়াৰ দ্বাৰা কুইপ’ৰ দুই বিষয়া ক্ৰমে প্ৰণৱ গগৈ আৰু ৰাম কুমাৰক চৰম শাস্তি হিচাপে মৃত্যুদণ্ডৰ পৰা ৰেহাই দিয়া হৈছে বুলি তেওঁ আওপকীয়াকৈ উল্লেখ কৰিছে।

আনহাতে ‘চৰম শাস্তি’ মানেই মৃত্যুদণ্ড নহয় বুলিও দাবী কৰিছে বিদ্ৰোহী সংগঠনটোৰ মুখ্য সেনাধ্যক্ষগৰাকীয়ে।

সভ্য সমাজৰ প্ৰতি সন্মান জনাইছে এই সিদ্ধান্ত লোৱা বুলি প্ৰকাশ কৰিছে অলফা(স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই।

ইফালে একাংশ সংবাদমাধ্যমক জগৰীয়া কৰি পৰেশ বৰুৱাই চৰম শাস্তিৰ সম্পৰ্কত কয় যে একাংশ সংবাদমাধ্যমে চৰম শাস্তি সম্পৰ্কে ভুল বাখ্যা কৰা আগবঢ়াই আহিছে।

উল্লেখযোগ্য যে, আলফা স্বাধীনে পৰ্যায়ক্ৰমে দুই বিষয়াক চৰম শাস্তি বিহাৰ কথা ঘোষণা কৰাৰ পাছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু সকলোৱে দুই বিষয়াক শাস্তি নিবিহিবলৈ আহ্বান জনাইছিল পৰেশ বৰুৱাক।

ইফালে দেওবাৰে বিয়লি গুৱাহাটী প্ৰেছ ক্লাৱত আলফা(স্বা)ৰ সেনাধ্যক্ষ গৰাকীৰ ফোন যোগে আয়োজন কৰা সংবাদমেলখনক বাধা প্ৰদান কৰে অসম আৰক্ষীয়ে।

দেওবাৰে বিয়লি গুৱাহাটী প্ৰেছ ক্লাবত আলফা(স্বা)ৰ সেনাধ্যক্ষগৰাকীৰ টেলিফোনিক সংবাদ আয়োজন কৰাৰ সময়তে গুৱাহাটী প্ৰেছ ক্লাৱত অসম আৰক্ষীয়ে উপস্থিত হৈ সংবাদ মেলখন বাধা প্ৰদান কৰে।

আনহাতে ১৬ ফেব্ৰুৱাৰীৰ ভিতৰত কুইপ’ নামৰ কোম্পানীটোৱে আলফাই দাবী কৰা মুক্তিপণ আদায় নিদিলে কোম্পানীটোৰ বিহাৰৰ অপহৃত বিষয়া ৰাম কুমাৰক ১৭ ফেব্ৰৱাৰীত হত্যা কৰাৰ ভাবুকি দিয়া হৈছিল। অৱশ্যে সেইবাৰ আলফাই বিষয়া জনৰ বিৰুদ্ধে চৰম পন্থা গ্ৰহণ কৰা নাছিল।

উল্লেখ্য কিছুদিন পূৰ্বে আলফা(স্বা)এ ম্যানমাৰৰ ঘন অৰণ্যৰ পৰা প্ৰেৰণ কৰিছিল এক ভিডিঅ’। উক্ত ভিডিঅ’ত ভিডিঅ’ত কুইপ’ৰ বিষয়াদ্বয় ক্ৰমে প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰে তেওঁলোকৰ মুক্তিৰ বাবে যাৱতীয় সকলো পদক্ষেপ গ্ৰহণ কৰিবলৈ কোম্পানীৰ উৰ্দ্ধতন কৰ্তৃপক্ষৰ লগতে অসম তথা বিহাৰৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছিল।

কুইপ’ৰ বিষয়া দুগৰাকীক ২০২০ চনৰ ডিচেম্বৰ মাহৰ শেষৰ পিনে অৰুণাচলৰ চাংলাং জিলাৰ পৰা আলফা আৰু এনএচচিএনে অপহৰণ কৰি নিছিল।

এমাহ অতিক্ৰম কৰাৰ পিছতো বিষয়া দুজনৰ মুক্তিৰ বাবে চৰকাৰ তথা কুইপে কোনো ধৰণৰ বিশেষ পদক্ষেপ গ্ৰহণ নকৰাত তেওঁলোকৰ জীৱনলৈ অনিশ্চয়তা নামি আহিছে।