NORTHEAST NOW (Assamese)

আলফা স্বাধীনৰ সদস্য ধৰ্মজিত বৈশ্যক জয়ৰামপুৰত আটক

July 17, 2019 1:12 pm · মানস প্ৰতিম গগৈ
Updated: July 17, 2019 4:07 pm
ধৰ্মজিত বৈশ্য

টহলদাৰী অসম ৰাইফলছৰ সেনা জোৱানে আজি কাহিলি পুৱাই অসমৰ তিনিচুকীয়া জিলাৰ সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰৰ পৰা নিষিদ্ধ ঘোষিত সশস্ত্ৰ সংগঠন আলফা স্বাধীনৰ এগৰাকী দুৰ্ধৰ্ষ কেডাৰক আটক কৰে।

আটকাধীন আলফা স্বাধীনৰ সদস্যগৰাকীৰ নাম ধৰ্মজিত বৈশ্য বুলি জানিব পৰা গৈছে। ধৰ্মজিত বৈশ্য ওদালগুৰি জিলাৰ নাহৰবাৰী গাঁৱৰ প্ৰফুল্ল বৈশ্যৰ পুত্ৰ।

আটক হোৱা ধৰ্মজিত বৈশ্যই ম্যানমাৰৰ আলফা স্বাধীনৰ শিবিৰৰ পৰা পলাই অহা বুলি খবৰ লাভ কৰা গৈছে।বৰ্তমান জয়ৰামপুৰৰ আছাম ৰাইফলছৰ শিবিৰত আলফা কেডাৰগৰাকীক জেৰা অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে, বিগত ছমাহত ম্যানমাৰত থকা আলফা স্বাধীনৰ শিৱিৰৰ পৰা ভালেকেইগৰাকী কেডাৰ পলাই আহি নিৰাপত্তাৰক্ষী বাহিনীৰ আগত আত্মসমৰ্পন কৰিছে।

চলিত সপ্তাহতে অসম-অৰুণাচল সীমান্তৰ পৰা এগৰাকী এন এছ চি এন (আই এম)ৰ স্বয়ম্ভূ মেজৰক অস্ত্ৰ-শস্ত্ৰসহ নিৰাপত্তাৰক্ষী বাহিনীয়ে আটক কৰিছিল।

Related News