অসমৰ বানপীড়িত ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ এমাহৰ দৰমহা আগবঢ়ালে কংগ্ৰেছৰ দুই সাংসদ নগাঁও লোকসভা সমষ্টিৰ প্ৰদ্যুত বৰদলৈ আৰু বৰপেটা লোকসভা সমষ্টিৰ আব্দুল খালেকে।
আজি নিজৰ ফে’চবুক প’ষ্টৰ যোগে অসমৰ দুয়োগৰাকী নৱ নিযুক্ত সাংসদে তেওঁলোকৰ প্ৰথম মাহৰ দৰমহাটো বানাক্ৰান্ত ৰাইজলৈ অৰিহণা হিচাপে দিয়াৰ কথা ঘোষণা কৰে।
‘অসমৰ বানপীড়িত ৰাইজক সকাহ দিয়া কাৰ্যত সহায় কৰিবলৈ অসমৰ Chief Minister’s Relief Fundত মোৰ দৰমহাৰ টকাখিনি অৰিহনা হিচাপে আগবঢ়ালো।‘ ফে’চবুক প’ষ্টত প্ৰদ্যুত বৰদলৈয়ে এইদৰে কয়।
আনহাতে আজি পুৱা বৰপেটাৰ সাংসদ আব্দুল খালেকে বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি শান্তনু শৰ্মাক বন্যাৰ্তসকলৰ সাহাৰ্য্যাৰ্থে এটা বেংক একাউণ্ট খুলিবলৈ পৰামৰ্শ দিয়ে আৰু উক্ত একাউণ্টত তেওঁৰ এমাহৰ দৰমহা বানপীড়ীত সকলৰ সাহায্যাৰ্থে আগবঢ়োৱাৰ কথা ঘোষণা কৰে। এই প্ৰচেষ্টাত সমগ্ৰ বঙাইগাঁও জিলা আৰু নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিক সামৰি লোৱা হৈছে বুলিও তেওঁ ফে’চবুক প’ষ্টত উল্লেখ কৰে।
মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰে assam.mygov.in নামৰ ৱেবচাইটটোৰ জৰিয়তে ৰাজ্যৰ বানাক্ৰান্ত ৰাইজলৈ সহায় বিচাৰি অনুৰোধ জনোৱাৰ পিছতে উক্ত সাংসদ দুগৰাকী এইদৰে নিজৰ অৰিহনা আগবঢ়ায়।
উল্লেখযোগ্য যে, অসমৰ বানাক্ৰান্ত ৰাইজৰ বাবে কেন্দ্রৰ পৰা পাপ্য পুঁজি আৰু সাহায্য বিচাৰি নতুন দিল্লীৰ সাংসদ ভৱনৰ চৌহদত অসমৰ কংগ্ৰেছী সাংসদসকলে যোৱা ১৫ জুলাইত এক ধৰ্ণা কায্যসূচী ৰূপায়ন কৰিছিল।