ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে দীঘলীয়া সংগ্ৰাম কৰা আলফা নেতা জিতেন দত্তই কি ক’লে যুদ্ধৰ কথা?

jiten dutta

আলফা নেতা জিতেন দত্ত। ফাইল ফটো

ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে দীঘলীয়া সংগ্ৰাম চলাই অহা অসমৰ এজন বিপ্লৱীয়ে ভাৰত-পাকিস্তানৰ মাজৰ যুদ্ধক লৈ প্ৰকাশ কৰিছে উদ্বিগ্নতা। লগতে ভাৰতীয় সেনালৈ আগবঢ়াইছে পূৰ্ণ সমৰ্থন।

ছ’চিয়েল মিডিয়াযোগে ভাৰত-পাকিস্তানৰ মাজত সৃষ্টি হোৱা যুদ্ধ সদৃশ পৰিবেশৰ সময়ত নিজৰ মন্তব্য আগবঢ়াইছে আলফা নেতা জিতেন দত্তই।

কাশ্মীৰৰ পুলৱামাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছত সৃষ্টি হোৱা পৰিবেশত ভাৰতীয় সেনাৰ ওপৰত চাপ সৃষ্টি নকৰিবলৈ আৰু সেনাক নিজৰ কাম স্বাধীনভাৱে কৰাৰ সুবিধা দিবলৈ আহ্বান জনাইছে আলফা নেতা গৰাকীয়ে।

বৰ্তমান উদ্ভৱ হোৱা পৰিস্থিতিৰ সন্দৰ্ভত জিতেন দত্তই কালি ফেইচবুকত আপলোড কৰা পোষ্টটোত লিখে, ‘যুদ্ধক্ষেত্ৰত শত্ৰুক কেতিয়াও দূৰ্বল বুলি ভবাটো উচিত নহয়। শত্ৰুক সদায় শক্তিশালী বুলি ভাৱক আৰু শক্তিশালী শত্ৰু বুলি ভাবি ৰণকৌশল তৈয়াৰ কৰাটো জৰুৰী। শত্ৰু পক্ষ অতি দূৰ্বল, আমাক একো কৰিব নোৱাৰে, এই ধৰণৰ চিন্তা বা মন্তব্য সঠিক নহয়। ভাৰতীয় সেনাক নিজৰ কাম কৰিব দিয়ক…..’।

এই সন্দৰ্ভত আমাৰ সৈতে হোৱা বাৰ্তালাপত জিতেন দত্তই কয় যে ভাৰতীয় সেনাই শত্ৰু পক্ষৰ সৈতে যুঁজ দিবলৈ ৰণকৌশল তৈয়াৰ কৰি আছে। গতিকে ৰাজনীতিককে ধৰি অন্য পক্ষই অনাহকত কিছুমান মন্তব্য কৰাৰ পৰা বিৰত থাকি সেনাক নিজৰ মতে ৰণকৌশল প্ৰস্তুত কৰাৰ সুবিধা দিব লাগে। লগতে বায়ু সেনাই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা ‘চাৰ্জিকেল ষ্ট্ৰাইক’ক আদৰণি জনাই এই সময়ত সেনাক উৎসাহ যোগাব লাগে বুলিও মন্তব্য কৰে।

তেওঁ লগতে ফেইচবুকত আপলোড কৰা পোষ্টত সীমান্তত সৃষ্টি হোৱা শ্বাসৰূদ্ধকৰ অৱস্থাত বিভ্ৰান্তিকৰ বাতৰি পৰিবেশন আৰু সস্তীয়া ৰাজনীতিৰ পৰা আঁতৰি থাকিবলৈ সকলোলৈ আহ্বান জনাইছে।

ইপিনে, আলোচনাপন্থী আলফা নেতাগৰাকীয়ে পাক অধিকৃত কাশ্মীৰত ভাৰতীয় বায়ুসেনাই আকাশমাৰ্গেৰে কৰা আক্ৰমণৰ পাছত একাংশই ছ’চিয়েল মিডিয়াযোগে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতিত্ব জাহিৰ কৰিব বিচৰা কাৰ্যৰ বিৰোধিতা কৰে।

আমাৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কয়, ‘সেয়া এজন ব্যক্তি বা এটা দলৰ সাফল্য নহয়। সমগ্ৰ ভাৰতৰ জনতা এতিয়া সেনাবাহিনীৰ লগত আছে আৰু সেনাই দেশৰ সুৰক্ষা নিশ্চিত কৰাতো ৰাইজেই বিচাৰিছে। গতিকে এই যুদ্ধখনক কোনোৱেই ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব নালাগে।‘

ইয়াৰ উপৰিও তেওঁ ফেইচবুক পোষ্টত ‘পূৰ্ণ পৰ্যায়ৰ যুদ্ধৰ কামনা নকৰো’ বুলি মন্তব্য কৰি ভাৰত-পাকিস্তানৰ মাজত পাৰমানবিক যুদ্ধ হ’লে দুয়োখন দেশৰেই বিস্তৰ ক্ষতি হ’ব বুলিও উল্লেখ কৰে।

‘যুদ্ধৰ ভয়াবহতা কিমান ভয়ংকৰ সীমান্তৰ ৰাইজৰ বাহিৰে আনে অনুভৱ কৰিব নোৱাৰে। গতিকে বিভ্ৰান্তিকৰ বাতৰি, উচতনি মূলক মন্তব্যই যাতে দুয়োখন দেশকে পূৰ্ণ পৰ্য্যায়ৰ যুদ্ধলৈ ঠেলি দিব নোৱাৰে তাৰ প্ৰতি সকলোৱে চেষ্টা কৰা উঠিত,’ ফেইচবুকত এইদৰে মন্তব্য আগবঢ়ায় জিতেন দত্তই।

উল্লেখ্য যে সাৰ্বভৌম অসমৰ দাবীৰে ভাৰত চৰকাৰৰ বিৰুদ্ধে কেইবাটাও দশক ধৰি সংগ্ৰাম কৰি অহা আলফা নেতাজনে ভাৰত আৰু পাকিস্তানৰ মাজৰ জটিল সন্ধিক্ষণত ভাৰতকেই সমৰ্থন আগবঢ়াব বুলিও মন্তব্য কৰে।