অহা ৭ এপ্ৰিলত আলফা (স্বা)এ পালন নকৰে প্ৰতিষ্ঠা দিৱস; প্ৰচাৰ গোটৰ ৰূপক অসমে জনালে এই কথা

ক’ৰ’নাৰ ভয়াৱহতাৰ মাজতে অসমবাসীলৈ পৰেশ অসমৰ ভতিজাই কি আহ্বান জনালে?

‘মানুহৰ জীৱন বিহুতকৈ মূল্যৱান’

অহা ৭ এপ্ৰিলত আলফা স্বাধীনে অনুষ্ঠিত নকৰে ৪১ তম প্ৰতিষ্ঠা দিৱস।

বিশ্বজুৰি চলা ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ ভয়াৱহতাৰ বাবেই এই সিদ্ধান্ত লৈছে বিদ্ৰোহী সংগঠনটোৱে।

প্ৰচাৰ বিভাগৰ নেতা তথা আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ভতিজা মুন্না বৰুৱা ওৰফে ৰূপক অসমে এক ভিডিঅ’যোগে এই কথা ঘোষণা কৰিছে।

অৱশ্যে পুৱা ৭ বজাত আলফাৰ চহিদসকলক সুঁৱৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰাৰ কথা সদৰী কৰে ৰূপক অসমে।

‘অসমৰ হেৰুৱা স্বাধনতা উদ্ধাৰৰ বাবে আত্মত্যাগ কৰা মহান বীৰ যোদ্ধা অমৰ মৃতক সকলক শ্ৰদ্ধাৰে সোঁৱৰাৰ লগতে তেওঁলোকৰ আত্মাৰ সদগতিৰ বাবে একমিনিট সময় মৌন প্ৰাৰ্থনাৰ কাৰ্য্যসূচী হাতত লোৱা হৈছে। সেয়েহে স্বাধীনতাকামী জমগণেও ৭ এপ্ৰিলৰ পূৱা ৭ বজাত নিজ নিজ ঘৰতে থাকি উক্ত কাৰ্য্যসূচী পালন কৰিবলৈ আহ্বান জনালো।‘ ভিডিঅ’টোত ৰূপক অসমে এইদৰে কয়।

ইপিনে, ক’ৰ’নাৰ ভয়াৱহতাৰ মাজতে অসমবাসীলৈ পৰেশ অসমৰ ভতিজাই বহুকেইটা আহ্বান জনায়।

তেওঁ কয় ‘সমগ্ৰ বিশ্বতে সন্ত্ৰাস সৃষ্টি কৰা মাৰাত্মক ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব। আগন্তুক অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ জাক-জমকতাৰ কাৰ্যসূচী উদযাপন কৰাৰ পৰা বিৰত থাকিবলৈ আমি অসমবাসী ৰাইজক আহ্বান জনালো। এনে ভয়াৱহতাৰ মাজত জাক-জমকতা কৰি জনসমাগম কৰাটো সমিচীন নহয়।‘

‘বিহু অনুষ্ঠান এইবাৰ নহ’লেও হ’ব। মানুহৰ জীৱন বিহুতকৈ মূল্যৱান। পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিলে আমি অহা বছৰলৈ বিহু উলহ-মালহেৰে উদযাপন কৰিম।‘ বৰুৱাই লগতে কয়।