NORTHEAST NOW (Assamese)

অসম- অৰুণাচল সীমান্তত গ্ৰেপ্তাৰ আলফা স্বাধীনৰ দুৰ্ধৰ্ষ মহিলা কেডাৰ পূৰ্ণিমা বৰা

September 12, 2021 8:20 pm · অভিক চক্রবর্তী, মানস প্ৰতীম গগৈ
Updated: September 12, 2021 9:01 pm

অসম-অৰুণাচল সীমান্তত আজি আৰক্ষীৰ জালত পৰে আলফা (স্বাধীন)ৰ দুৰ্ধৰ্ষ কেডাৰ পূৰ্ণিমা বৰা।

মিতু অসম নামেৰে সংগঠনত পৰিচিত পূৰ্ণিমা বৰাক অসম-অৰুণাচল সীমান্তৰ টিংকুপানী সংৰক্ষিত বনাঞ্চলৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

তিনিচুকীয়া আৰক্ষী আৰু আছাম ৰাইফলছৰ ১৯ নং বেটেলিয়নে যুটীয়া ভাবে চলোৱা অভিযানৰ সময়তে আলফাৰ মহিলা কেডাৰগৰাকী ধৰা পৰে।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে পূৰ্ণিমা বৰাই স্বাস্থ্য জনিত কাৰণতে আলফাৰ ম্যানমাৰৰ শিবিৰ ত্যাগ কৰি অসম অভিমুখে আহিছিল।

শাৰীৰিক ভাবে আলফাৰ মহিলা কেডাৰগৰাকী দুৰ্বল হৈ পৰা বুলিও আৰক্ষীয়ে প্ৰকাশ কৰিছে।

তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক দেৱজিত দেউৰীয়ে প্ৰকাশ কৰা মতে পূৰ্ণিমা বৰাই ২০০২ চনত আলফাত যোগদান কৰিছিল।

Related News