বেট হাতত লৈ চমক পেচাৰ উমেশ যাদৱৰ! কোহলীৰ সৈতে সমতা স্থাপন, অতিক্ৰম ৰবি শাস্ত্ৰীক

Umesh Yadav equals Virat Kohli

সাম্প্ৰতিক ক্ৰিকেট বিশ্বত অন্যতম শ্ৰেষ্ঠ বেটাৰ হিচাপে ইতিমধ্যে পৰিগণিত হৈছে ভাৰতীয় তাৰকা বিৰাট কোহলী। যোৱা প্ৰায় ডেৰ দশকযোৰা ক্ৰিকেট কেৰিয়াৰত সোঁহতীয়া তাৰকা খেলুৱৈগৰাকীয়ে লাভ কৰিছে ঈৰ্ষণীয় সফলতা, স্থাপন কৰিছে বহু অভিলেখ। পিছে কোহলীৰ দৰে এগৰাকী খেলুৱৈৰ সৈতে এতিয়া এক বেটিং ৰেকৰ্ডৰ ক্ষেত্ৰত সমশাৰীত স্থান লাভ কৰিছে ভাৰতীয় পেচ বলাৰ উমেশ যাদৱে।

কেৱল সেয়াই নহয়, এই ক্ষেত্ৰত যাদৱে ভাৰতৰ প্ৰাক্তন তাৰকা তথা প্ৰশিক্ষক ৰবি শাস্ত্ৰীকো অতিক্ৰম কৰিছে। সাধাৰণতে এগৰাকী বলাৰ হিচাপে যাদৱৰ সফলতা সন্দেহাতীত যদিও এগৰাকী বেটাৰ হিচাপে কোহলীৰ সৈতে যাদৱৰ সমতা স্থাপনৰ বিষয়ে শুনিবলৈ আচহুৱা যেন লাগিব পাৰে। কিন্তু টেইল এণ্ডাৰ বেটাৰ হিচাপে যাদৱে ইতিমধ্যে বিগ হিটাৰ ৰূপত নিজৰ পৰিচয় দাঙি ধৰিছে।

এই ‘বিগ হিটাৰ’ হিচাপেই এতিয়া যাদৱে সমতা স্থাপন কৰিছে কোহলীৰ সৈতে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ তৃতীয়খন টেষ্টত আজি যাদৱে নিম্নক্ৰমত বেটিং কৰিবলৈ আহি ১৭ ৰানৰ এক গুৰুত্বপূৰ্ণ ইনিংছ খেলে। এই ইনিংছটোত যাদৱে ১ টা চাৰি আৰু ২ টা ছয় কোবায়।

যাদৱে এই দুটা ছয় কোবাই আন্ত:ৰাষ্ট্ৰীয় টেষ্ট কেৰিয়াৰত ছিক্সাৰৰ সংখ্যা ৫৫ খন টেষ্টত ২৪ টালৈ বৃদ্ধি কৰে। টেষ্ট কেৰিয়াৰত কোহলীৰ নামতো আছে মুঠ ২৪ টা ছয়। এইদৰে তেওঁ টেষ্ট কেৰিয়াৰত বিৰাট কোহলীৰ সৈতে ছিক্সাৰৰ সংখ্যাৰ ক্ষেত্ৰত সমতা স্থাপন কৰে। লগতে তেওঁ ৰবি শাস্ত্ৰীৰ নামত থকা ২২ টা ছয়ৰ সংখ্যাক অতিক্ৰম কৰে।

টেষ্ট ক্ৰিকেটত সৰ্বাধিক ছিক্সাৰ কোবোৱা ভাৰতীয় খেলুৱৈৰ তালিকাত শীৰ্ষত আছে বীৰেন্দ্ৰ সেহৱাগ। প্ৰাক্তন অপেনাৰগৰাকীৰ নামত আছে ৯১ টা ছিক্সাৰৰ ৰেকৰ্ড। সেহৱাগৰ পিছতে আছে ক্ৰমে এম এছ ধোনী (৭৮), শচীন টেণ্ডুলকাৰ (৬৯), ৰোহিত শৰ্মা (৬৮) আৰু কপিল দেৱ (৬১)।

লক্ষণীয়ভাৱে, চলিত শৃংখলাৰ প্ৰথম দুখন টেষ্টত সহজ বিজয় সাব্যস্ত কৰা ঘৰুৱা দল ভাৰতৰ বিপক্ষে তৃতীয় টেষ্টৰ প্ৰথমদিনাই চালকৰ আসনত উপৱিষ্ট হৈছে অষ্ট্ৰেলিয়া। ইন্দোৰৰ টাৰ্নিং উইকেটত অষ্ট্ৰেলিয়াৰ স্পিন আক্ৰমণত দিশহাৰা হৈ পৰা ভাৰতে মাত্ৰ ১০৯ ৰানতে ইনিংছ সামৰে।

ভাৰতৰ এই বিপৰ্যয়ৰ মূলতে আছিল ভ্ৰমণকাৰী দলটোৰ বাওঁহতীয়া স্পিনাৰ মেথিউ কুহনেমেন। কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰি কুহনেমেনে মাত্ৰ ১৬ ৰানতে পাঁচটা উইকেট দখল কৰি ভাৰতৰ বেটিং লাইন-আপত খহনীয়াৰ সৃষ্টি কৰে।

অভিজ্ঞ স্পিনাৰ নাথান লিয়নে ৩ টা আৰু টড মুৰ্ফীয়ে এটা উইকেট লাভ কৰে। অষ্ট্ৰেলিয়ান বলিং আক্ৰমণৰ হেঁচাত ভাৰতে ১০০ ৰানৰ সীমাও স্পৰ্শ কৰিব নোৱাৰিব বুলি আশংকা কৰা হৈছিল। অৱশ্যে যাদৱে ১৭ ৰানৰ এই চমু অথচ গুৰুত্বপূৰ্ণ ইনিংছটোৰে দলীয় স্ক’ৰ ১০৯ ৰানলৈ বৃদ্ধি কৰে।

আনহাতে অষ্ট্ৰেলিয়াই দিনটোৰ খেল সামৰণি পৰালৈকে ৪ উইকেটত ১৫৬ ৰান সংগ্ৰহ কৰিছে। হাতত ৬ টা উইকেট বাকী থকা অৱস্থাত অষ্ট্ৰেলিয়াই এইপৰ্যন্ত ৪৭ ৰানৰ অগ্ৰগতি লাভ কৰিছে। এই মুহূৰ্তলৈকে ইন্দোৰৰ টাৰ্নিং উইকেটত ভাৰতীয় বলাৰকেইগৰাকীৰ ভিতৰত জাদেজাইহে সপলতা লাভ কৰিছে। অষ্ট্ৰেলিয়াৰ পতন ঘটা আটাইকেইটা উইকেটেই দখল কৰিছে জাদেজাই।