স্থানীয় ক্ৰিকেট খেলত ‘ন’ বল’ দিয়াৰ অপৰাধত হত্যাৰ বলি হ’বলগীয়া হ’ল এগৰাকী আম্পায়াৰ!
যোৱা দেওবাৰৰ ঘটনা। উৰিষ্যাৰ কটকত ১৮ বছৰৰ তলৰ দুটা দলে এখন প্ৰতিযোগিতাত খেলিছিল। খেলখনৰ সময়ত ২২ বছৰীয়া আম্পায়াৰ লাকী ৰাউটে ন’ বল দিয়ে। যাৰ ফলত সেই দলৰ ক্ৰিকেটাৰে আম্পায়াৰৰ লগত তৰ্কত লিপ্ত হৈ পৰে।
লগতে পঢ়ক: বাংলাদেশৰ ৰাজধানীৰ বংগবাজাৰত ভয়ংকৰ অগ্নিকাণ্ড; জুই নিয়ন্ত্ৰণত নামিছে ৫০খন অগ্নিনিৰ্বাপক গাড়ী
লাকীৰ সৈতে ৰঞ্জন ৰাউত নামৰ খেলুৱৈগৰাকীৰ উত্তপ্ত বাক্ বিতণ্ডাই পৰিস্থিতি জটিল কৰি তোলে। অলপ সময়ৰ ভিতৰতে ঘটনাটোৱে আন এক ৰূপ লয়।
ৰঞ্জনে নিজৰ পক্ষ শক্তিশালী কৰিবলৈ ভাতৃ মুনাক লৈ আহে। মুনাই খঙত বেটেৰে লাকীক প্ৰহাৰ কৰে। তাৰ পিছত আম্পায়াৰগৰাকীক ছুৰীৰে আঘাত কৰে। ফলত গুৰুতৰভাৱে আহত হয় লাকী।
লগতে পঢ়ক: সীমান্তত উচটনিয়েই নহয়, আৰু কীৰ্তি শত্ৰু চীনৰ! এইবাৰ সলাই পেলালে অৰুণাচলৰ ১১ টা স্থানৰ নাম
আহত লাকীক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। স্থানীয় থানাত এজাহাৰ দাখিল কৰা হৈছে। বৰ্তমান পলাতক হৈ আছে মূল অভিযুক্ত মুনা। আৰক্ষীয়ে তেওঁক বিচাৰি আছে।