ম্যানমাৰৰ সেনাবাহিনীয়ে অব্যাহত ৰখা মাৰাত্মক আক্ৰমণক গৰিহণা দিছে ৰাষ্ট্ৰসংঘই। কিন্তু দেশখনত সংঘটিত হোৱা ভয়াৱহ ভূমিকম্পৰ ফলত প্ৰায় ৩৮০০ লোকৰ মৃত্যু হোৱাৰ পাছত জুন্টা চৰকাৰে যুদ্ধবিৰতি ঘোষণা কৰিছিল।
ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ মুৰব্বী ভলকাৰ তুৰ্কে এক বিবৃতিত কয় যে ২৮ মাৰ্চৰ ভয়াৱহ ভূমিকম্পৰ পিছত নামমাত্ৰ যুদ্ধবিৰতি ঘোষণা কৰাৰ পিছতো সাধাৰণ নাগৰিকৰ ওপৰত হিংসা অব্যাহত আছে।
ৰাষ্ট্ৰসংঘই সমগ্ৰ ম্যানমাৰত প্ৰকৃত আৰু স্থায়ী যুদ্ধবিৰতি আৰু অসামৰিক শাসনলৈ ঘূৰি অহাৰ প্ৰতিশ্ৰুতিবদ্ধ হোৱাৰ আৰু কাৰ্যকৰী হোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
উল্লেখ্য যে ২০২১ চনত মিন আং হিলিঙৰ সেনাই আং ছান ছু কিৰ অসামৰিক চৰকাৰৰ পৰা ক্ষমতা দখল কৰে। তেতিয়াৰ পৰাই ম্যানমাৰ বহুমুখী সংঘাতৰ মাজত সোমাই পৰিছে।
দেশখনত ৭.৭ প্ৰাবল্যৰ ভূমিকম্পৰ পিছত জুন্টাই বিৰোধীৰ সৈতে মিলি ২ এপ্ৰিলত অস্থায়ী যুদ্ধবিৰতি ঘোষণা কৰি সাহায্য সামগ্ৰীৰ সুবিধা প্ৰদান কৰে।
অৱশ্যে তুৰ্কে কয় যে ভূমিকম্পৰ পিছত আৰু ২৯ এপ্ৰিললৈকে সেনাই কমেও ২৪৩টা আক্ৰমণ সংঘটিত কৰিছে। ইয়াৰে ১৭১টা বিমান আক্ৰমণ। ইয়াৰ ফলত ২০০ৰো অধিক সাধাৰণ নাগৰিকৰ মৃত্যু হয়। প্ৰায়বোৰ আক্ৰমণ যুদ্ধবিৰতি কাৰ্যকৰী হোৱাৰ পিছত সংঘটিত হৈছে।