পুত্ৰৰ দাবীত অতিষ্ঠ হৈ অসহায় পিতৃয়ে ল’লে চৰম সিদ্ধান্ত; গৌৰীসাগৰত শোকৰ ছাঁ

Dead-body

প্ৰতিনিধিত্বমূলক ছবি

শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ সমীপৰ বলীয়াঘাট পথলিয়াল গাঁৱত আজি সংঘটিত এক দুৰ্ভাগ্যজনক ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। ঘটনা অনুসৰি আজি পুৱাই গাঁওখনৰ ত্ৰৈলোক্য (প্ৰফুল্ল) দাস নামৰ (৫১) এজন ব্যক্তিয়ে ডিঙিত চিপজৰী লৈ আত্মহত্যা কৰে।

পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা মতে জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত উক্ত গাঁওখনৰ নিবাসী দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা ত্ৰৈলোক্য দাসৰ দশম শ্ৰেণীত অধ্যয়নৰত একমাত্ৰ পুত্ৰ বিষ্ণু দাসে যোৱা কিছুদিন ধৰি মটৰ চাইকেল ক্ৰয় কৰি দিয়াক লৈ ঘৰত তাণ্ডৱ চলাই অহাৰ লগতে দেউতাকৰ লগত বিভিন্ন সময়ত বাক-বিতন্দাত লিপ্ত হৈছিল।

আজি পুৱাও মটৰ চাইকেল ক্ৰয় কৰি দিয়া বিষয়টো লৈ বিষ্ণুয়ে পুনৰ দেউতাকৰ লগত কাজিয়াত লিপ্ত হয়। খঙৰ ভমকত দাসে পুত্ৰক মাৰপিট কৰাৰ লগতে গাঁওখনৰ চৰকাৰী গাঁওবুঢ়াজনক বিষয়টো অৱগত কৰাৰ বাবে ঘৰৰ পৰা ওলাই আহে।

কিন্তু গাঁওবুঢ়া লগ ধৰাৰ পৰিৱৰ্তে তেওঁ ঘৰৰ পৰা ওলাই আহি প্ৰায় ১ কিলোমিটাৰ নিলগৰ দিখৌ নদীৰ মথাউৰিৰ কাষত থকা এজোপা গছত ডিঙিত চিপজৰী লগাই আত্মহনন কৰে।

পিছত গৰু এৰাল দিবলৈ বুলি যোৱা গাঁওখনৰ এজন ব্যক্তিয়ে গছত মৃতদেহটো ওলমি থকা প্ৰত্যক্ষ কৰি পৰিয়ালৰ লোকৰ লগতে গাঁওবুঢ়াক খবৰ দিয়ে। গাঁওবুঢ়াৰ খবৰৰ ভিত্তিত জয়সাগৰ আৰক্ষী আহি মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

আনহাতে দেউতাকে আত্মহনন কৰা বুলি জানিব পাৰি পুত্ৰ বিষ্ণু দাসে ঘৰৰ পৰা পলায়ন কৰে। মৃত্যুৰ সময়ত ত্ৰৈলোক্য দাসে পত্নীৰ লগতে এগৰাকী কন্যা আৰু এজন পুত্ৰসহ বহু আত্মীয় স্বজনক ইহসংসাৰত এৰি থৈ যায়।