NORTHEAST NOW (Assamese)

যৌতুক দিব নোৱাৰাৰ বাবেই যৌনাংগত ভৰাই দিলে গৰম লোহা : শহুৰেকৰ নিৰ্মম অত্যাচাৰত বোৱাৰীৰ মৃত্যু

June 16, 2025 6:00 pm · নৰ্থ-ইষ্ট নাও, গুৱাহাটী
Updated: June 16, 2025 6:01 pm

বিয়াৰ ১০ বছৰৰ পাছতো যৌতুক দিব নোৱাৰাৰ বাবে স্বামী আৰু স্বামীৰ পিতৃৰ অত্যাচাৰ সহ্য কৰি অৱশেষত মৃত্যুক সাৱটি ল’লে এগৰাকী বোৱাৰীয়ে।

উত্তৰ প্ৰদেশৰ আলিগড়ত সংঘটিত হৈছে এই ঘটনা। আৰক্ষীৰ সূত্ৰ অনুসৰি, ৩২ বছৰীয়া সংগীতা নামৰ মহিলাগৰাকীয়ে ১০ বছৰ পূৰ্বে আলিগড়ৰ বানুপুৰা গাঁৱৰ নিবাসী বাণ্টী কুমাৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। দম্পতীহালৰ দুটি পুত্ৰ সন্তান আছে। বিয়াৰ সময়ত মহিলাগৰাকীৰ শহুৰেকে এখন বুলেট (মটৰ চাইকেল) আৰু ম’হ দাবী কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছে মৃত মহিলাগৰাকীৰ মাতৃয়ে। অভিযোগ অনুসৰি, দাবী কৰা যৌতুক দিব নোৱাৰাৰ বাবেই মহিলাগৰাকীয়ে স্বামীগৃহত প্ৰত্যেক দিনাই অত্যাচাৰৰ সন্মুখীন হৈ আহিছিল।

সংগীতাৰ মাতৃয়ে অভিযোগ কৰে যে বিয়াৰ প্ৰথম বছৰত সকলো ঠিকেই আছিল। কিন্তু তাৰ পিছত বাণ্টী আৰু পৰিয়ালৰ লোকে অধিক যৌতুক বিচাৰি হেঁচা প্ৰয়োগ কৰিবলৈ ধৰিলে। প্ৰায়ে সংগীতাক মাক-দেউতাকৰ ঘৰৰ পৰা বস্তু আৰু নগদ ধন আনিবলৈ কোৱা হৈছিল। সংগীতাই সেই দাবী পূৰণ কৰিব নোৱাৰিলে শহুৰেকে তাইক মাৰপিট কৰিছিল। আনকি হত্যাৰ ভাবুকিও দিছিল।

অভিযোগ অনুসৰি যোৱা মঙলবাৰে বাণ্টী, বান্টীৰ পিতৃ-মাতৃ আৰু দুগৰাকী বান্টীৰ ভগ্নীয়ে সংগীতাক বেয়াকৈ প্ৰহাৰ কৰিছিল। আনকি তেওঁৰ যৌনাংগ আৰু শৰীৰৰ বিভিন্ন অংশত গৰম লোহা লগাই দিছিল। এই মাৰপিট আৰু অত্যাচাৰৰ ফলত থিতাতে মৃত্যু হয় সংগীতাৰ।

ইপিনে ভাইৰেল হৈ পৰা এটা ভিডিঅত সংগীতাৰ যৌনাংগৰ সমীপকে ধৰি শৰীৰৰ বিভিন্ন অংশত জ্বলা-পোৰাৰ চিন দেখা গৈছে।

আৰক্ষী বিষয়া ধনঞ্জয় সিঙে কয়, “আমি ঘটনাৰ খবৰ পোৱাৰ পিছত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছোঁ। প্ৰতিবেদন পোৱাৰ পিছতহে আমি বিতংভাৱে ক’ব পাৰিম।” এই ঘটনাৰ পিছত পাঁচজন লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। অৱশ্যে ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছে সমগ্ৰ পৰিয়াল। আৰক্ষীয়ে তেওঁলোকৰ সন্ধান আৰম্ভ কৰিছে।

Related News