• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যৌতুক দিব নোৱাৰাৰ বাবেই যৌনাংগত ভৰাই দিলে গৰম লোহা : শহুৰেকৰ নিৰ্মম অত্যাচাৰত বোৱাৰীৰ মৃত্যু

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
June 16, 2025 6:00 pm
954
VIEWS
Share on FacebookShare on Twitter

বিয়াৰ ১০ বছৰৰ পাছতো যৌতুক দিব নোৱাৰাৰ বাবে স্বামী আৰু স্বামীৰ পিতৃৰ অত্যাচাৰ সহ্য কৰি অৱশেষত মৃত্যুক সাৱটি ল’লে এগৰাকী বোৱাৰীয়ে।

উত্তৰ প্ৰদেশৰ আলিগড়ত সংঘটিত হৈছে এই ঘটনা। আৰক্ষীৰ সূত্ৰ অনুসৰি, ৩২ বছৰীয়া সংগীতা নামৰ মহিলাগৰাকীয়ে ১০ বছৰ পূৰ্বে আলিগড়ৰ বানুপুৰা গাঁৱৰ নিবাসী বাণ্টী কুমাৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। দম্পতীহালৰ দুটি পুত্ৰ সন্তান আছে। বিয়াৰ সময়ত মহিলাগৰাকীৰ শহুৰেকে এখন বুলেট (মটৰ চাইকেল) আৰু ম’হ দাবী কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছে মৃত মহিলাগৰাকীৰ মাতৃয়ে। অভিযোগ অনুসৰি, দাবী কৰা যৌতুক দিব নোৱাৰাৰ বাবেই মহিলাগৰাকীয়ে স্বামীগৃহত প্ৰত্যেক দিনাই অত্যাচাৰৰ সন্মুখীন হৈ আহিছিল।

সংগীতাৰ মাতৃয়ে অভিযোগ কৰে যে বিয়াৰ প্ৰথম বছৰত সকলো ঠিকেই আছিল। কিন্তু তাৰ পিছত বাণ্টী আৰু পৰিয়ালৰ লোকে অধিক যৌতুক বিচাৰি হেঁচা প্ৰয়োগ কৰিবলৈ ধৰিলে। প্ৰায়ে সংগীতাক মাক-দেউতাকৰ ঘৰৰ পৰা বস্তু আৰু নগদ ধন আনিবলৈ কোৱা হৈছিল। সংগীতাই সেই দাবী পূৰণ কৰিব নোৱাৰিলে শহুৰেকে তাইক মাৰপিট কৰিছিল। আনকি হত্যাৰ ভাবুকিও দিছিল।

অভিযোগ অনুসৰি যোৱা মঙলবাৰে বাণ্টী, বান্টীৰ পিতৃ-মাতৃ আৰু দুগৰাকী বান্টীৰ ভগ্নীয়ে সংগীতাক বেয়াকৈ প্ৰহাৰ কৰিছিল। আনকি তেওঁৰ যৌনাংগ আৰু শৰীৰৰ বিভিন্ন অংশত গৰম লোহা লগাই দিছিল। এই মাৰপিট আৰু অত্যাচাৰৰ ফলত থিতাতে মৃত্যু হয় সংগীতাৰ।

ইপিনে ভাইৰেল হৈ পৰা এটা ভিডিঅ’ত সংগীতাৰ যৌনাংগৰ সমীপকে ধৰি শৰীৰৰ বিভিন্ন অংশত জ্বলা-পোৰাৰ চিন দেখা গৈছে।

আৰক্ষী বিষয়া ধনঞ্জয় সিঙে কয়, “আমি ঘটনাৰ খবৰ পোৱাৰ পিছত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছোঁ। প্ৰতিবেদন পোৱাৰ পিছতহে আমি বিতংভাৱে ক’ব পাৰিম।” এই ঘটনাৰ পিছত পাঁচজন লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। অৱশ্যে ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছে সমগ্ৰ পৰিয়াল। আৰক্ষীয়ে তেওঁলোকৰ সন্ধান আৰম্ভ কৰিছে।

Recent News

গুজৰাটত ভাঙি পৰিল আনন্দ আৰু পাদ্ৰা সংযোগী দলং : মাহী নদীত ৩ জনৰ সলিল সমাধি

গুজৰাটত ভাঙি পৰিল আনন্দ আৰু পাদ্ৰা সংযোগী দলং : মাহী নদীত ৩ জনৰ সলিল সমাধি

এমাজনৰ পৰা ক্ৰয় কৰা হৈছিল পুলৱামা আক্ৰমণৰ বিস্ফোৰক : পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

এমাজনৰ পৰা ক্ৰয় কৰা হৈছিল পুলৱামা আক্ৰমণৰ বিস্ফোৰক : পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

নাবালিকা কন্যাক বাৰম্বাৰ ধৰ্ষণ পিতৃৰ : ৰে’লতে প্ৰসৱ, নৱজাতকক এৰি পলায়ন পৰিয়ালৰ

নাবালিকা কন্যাক বাৰম্বাৰ ধৰ্ষণ পিতৃৰ : ৰে’লতে প্ৰসৱ, নৱজাতকক এৰি পলায়ন পৰিয়ালৰ

যৌনকৰ্মী বাস কৰা এলেকাত থকা শিশু তথা পশু কল্যাণৰ বাবে ৭৫,০০০ টকাৰ অনুদান অৰ্চিতা ফুকনৰ

যৌনকৰ্মী বাস কৰা এলেকাত থকা শিশু তথা পশু কল্যাণৰ বাবে ৭৫,০০০ টকাৰ অনুদান অৰ্চিতা ফুকনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd