চাৰিলেনযুক্ত পথ কেতিয়া সম্পূৰ্ণ হ’ব? পুনৰ অনিশ্চয়তাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কাম

mojk

পুনৰ অনিশ্চয়তাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কাম ।

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণৰ তত্বাৱধানত নিৰ্মিয়মান এই পথ সম্প্ৰসাৰণ প্ৰক্ৰিয়া যোৰহাট বাইপাছৰ পৰা টীয়কৰ জাঁজী দলং পৰ্যন্ত পুনৰ স্থবিৰ হৈ পৰিছে ।

উক্ত পথচোৱা সম্প্ৰসাৰণৰে জড়িত নিৰ্মাণ সংস্থা জি ডি ছি এলে উপ ঠিকা প্ৰদান কৰা লিংকন ডিগনিটি আৰু চানমায়া কনচট্ৰাকচন নামৰ সংস্থা দুটাৰ লেহেমীয়া আৰু নিম্নমানৰ কামৰ অভিযোগ উত্থাপিত হৈ আহিছিল ।

সংস্থা দুটাই কৰা নিৰ্মাণৰ কাম ইমানেই নিম্নমানৰ আছিল যে পথ নিৰ্মাণৰ চাৰিমাহ নৌ হওতেই সমগ্র পথচোৱা জৰাজীৰ্ন ৰূপ ধাৰণ কৰাত যাতায়তৰ ক্ষেত্ৰত অন্তৰায়ৰ সৃষ্টি হৈ পৰিছে ।

নিৰ্মাণ সংস্থাটোৰ এনে নিন্মমানৰ কামৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনে অভিযোগ দাখিল কৰাৰ পাছতো ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণৰ যোৰহাট কাৰ্যালয়ৰ বিষয়া সকল ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰিছিল ।

কিন্তু শেহতীয়াকৈ জি ডি ছি এল নামৰ নিৰ্মাণ সংস্থাটোক অব্যাহতি দি নতুনকৈ নিবিদা আহ্বানৰ প্ৰস্তুতি চলোৱাত স্বাভাৱিকতে পুনৰ স্তব্ধ হৈ পৰিল পথ সম্প্ৰসাৰণৰ কাম ।

ফলত টীয়কৰ বাণিজ্যিক অঞ্চল সমূহৰ সন্মুখত আধৰুৱা হৈ ৰোৱা কামে বিপদত পেলাইছে ব্যৱসায়ী সকলক ।