বৃদ্ধি কৰা নাই চাকৰিৰ ম্যাদ : কি হ’ব হাইস্কুলৰ ৬,৫০০ গৰাকী ঠিকাভিত্তিক শিক্ষকৰ ভৱিষ্যৎ?

Sikhya-Mantri-1140x570

ফাইল ফটো

বিগত ৯বছৰ ধৰি নিয়মীয়াকৰণ নোহোৱা হাইস্কুলৰ ৬,৫০০ গৰাকী ঠিকাভিত্তিক শিক্ষকৰ চাকৰিৰ ম্য্যাদ শেষ হোৱাৰ পাছত তেওঁলোকৰ চাকৰিকলৈ পুনৰ অনিশ্চয়তাই দেখা দিছে। ২০১০ চনতে সম্পূৰ্ণ মেধাৰ ভিত্তিত নিযুক্তি পোৱা এই শিক্ষকসকলৰ ভৱিষ্যত কোনো এখন চৰকাৰেই গুৰুত্বসহকাৰে গ্ৰহণ নকৰিলে।

২০১০ চনত সেই সময়ৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰখনৰ শিক্ষা মন্ত্ৰী গৌতম বৰাই হাইস্কুলসমূহত শিক্ষাৰ মান উন্নত কৰাৰ লগতে শিক্ষকৰ নাটনিৰ বিষয়টো লক্ষ্য ৰাখি এখন উচ্চস্তৰীয় সমিতিৰ জৰিয়তে মেধা সম্পন্ন প্ৰাৰ্থীক ঠিকাভিত্তিত নিযুক্তি প্ৰদান কৰিছিল।

সম্পূৰ্ণ বৈধ প্ৰক্ৰিয়াৰে নিযুক্তি প্ৰদান কৰা এই শিক্ষকসকলৰ প্ৰতি পূৰ্বৰ চৰকাৰৰ লগতে বৰ্তমান চৰকাৰেও কোনো সুদৃষ্টি নিক্ষেপ কৰা নাই। তদুপৰি, ৰাজ্যৰ হাইস্কুলসমূহত নিযুক্তিপ্ৰাপ্ত এই ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰিৰ ম্যাদ যোৱা ফেব্ৰুৱাৰি মাহতে অন্ত পৰিছে যদিও চৰকাৰৰৰ শিক্ষা বিভাগৰ উদাসীনতাৰ ফলত তেওঁলোকে তিনিমাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে।

স্বাভাৱিকতে, ইয়াৰ মাজতে চৰকাৰে তেওঁলোকৰ চাকৰিৰ ম্যাদ বৃদ্ধিৰ লগতে দৰমহা আদায়ৰ ব্যৱস্থা কৰিব লাগিছিল। কিন্তু ৰাজ্যৰ চৰকাৰী মাধ্যমৰ শিক্ষা ব্যৱস্থাক ক্ৰমে দুৰ্বল কৰি অনা চৰকাৰে শিক্ষকৰ ভৱিষ্যতক লৈ যে চিন্তিত নহয় সেয়া স্পষ্ট কৰি দিছে।

লোকসভা নিৰ্বাচনৰ পূৰ্বে চাকৰিৰ ম্যাদ বৃদ্ধি কৰিবলগীয়া এই শিক্ষকসকলৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰাৰ বাবে তেওঁলোকে তিনিমাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হ’ব লগা হৈছে। তথাপি, তেওঁলোকে অনিশ্চয়তাৰ মাজেৰেই যোৱা মাৰ্চ মাহৰ পৰা শিক্ষাদান কৰি আছে।

আনহাতে, এই শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত চৰকাৰখনে আনকি ন্যায়ালয়ৰ ৰায়কো গুৰুত্ব প্ৰদান কৰা নাই। টে’ট বাধ্যতামূলক বুলি চৰকাৰৰ তদানীত্বন শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰাৰ পাছত আদালতৰ দ্বাৰস্থ হোৱা শিক্ষকসকলক আদালতে টে’ট নোহোৱাকৈ নিয়মীয়াকৰণৰ ৰায় দিছিল। কিন্তু চৰাকৰৰ ফালৰ পৰা এই সন্দৰ্ভত প্ৰদৰ্শন কৰি অহা অনীহাই চাকৰিৰ বয়সৰ সীমা অতিক্ৰম কৰা শিক্ষককে ধৰি ঠিকাভিত্তিক ৬৫০০ শিক্ষকৰ ভৱিষ্যতক অন্ধকাৰৰ মাজলৈ ঠেলি দিছে।