ক’ৰ’না মহামাৰীৰ কাৰণে সংকটত অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতে জড়িত প্ৰায় ১ লাখ লোকৰ জীৱন

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

ক’ৰ’না মহামাৰীৰ কাৰণে পূৰ্ব পৰিকল্পিত দৰ্শনী সমূহ বাতিল হোৱাৰ ফলত অসমৰ ভ্ৰাম্যমাণ নাট্য জগতলৈ শংকা নামি আহিছে।

তিনিমাহ ল’কডাউন অতিক্ৰম কৰাৰ পাছতে ভ্ৰাম্যমাণ নাট্য দল সমূহে পুনৰ যাত্ৰা আৰম্ভ কৰিব পাৰিব নে নোৱাৰে সেই সম্বন্ধে কোনো নিশ্চয়তা প্ৰকাশ পোৱা নায়।

ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ সৈতে জড়িত হৈ থকা লোক সকলৰ জীৱনো দিনক দিনে বেয়াৰ ফালে গতি কৰিবলৈ আৰম্ভ কৰিছে।

ভ্ৰাম্যমাণ নাট্যজগতৰ বহু কৰ্মীয়ে দৈনিক হাজিৰা হিচাপত টকা লাভ কৰে আৰু সেইসকল কৰ্মীয়ে এতিয়া আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে।

ৰাজ্যৰ বিভিন্ন নাট্যদলত কাম কৰি অহা এনে ১৫০ কৈ অধিক পৰিয়ালৰ ভবিষ্যতলৈ অনিশ্চয়তা নামি আহিছে।

ভ্ৰাম্যমান নাট্য দল সমূহত অভিনেতাৰ উপৰিও বহু কাৰীকৰি কামত নিয়োজিত হৈ থকা লোকক দৈনিক হিচাপত টকা আগবঢ়োৱা হয়।

অসমৰ ভ্ৰাম্যমান নাট্য দলসমূহে আগষ্টৰ মাহৰ পৰা যাত্ৰা আৰম্ভ কৰি ৯ মাহ অসমৰ বিভিন্ন স্থানত নাটক পৰিবেশন কৰে।

২০১৯ বৰ্ষত ক’ৰ’না মহামাৰীৰ বাবে ভ্ৰাম্যমান নাট্যদল সমূহে আধাতে নিজৰ ভ্ৰমণসূচী সামৰিবলৈ বাধ্য হৈছিল।

আনহাতে, নতুন বৰ্ষৰ বাবে নাট্যদল সমূহত জুন মাহৰ পৰা ৰিহাৰ্চেল আৰম্ভ হয় যদিও ক’ৰ’নাৰ সংক্ৰমণৰ বাবে এইবাৰ ৰিহাৰ্চেলো বন্ধ হৈ আছে।

”অসমৰ ভ্ৰাম্যমান নাট্য জগতৰ সৈতে জড়িত হৈ থকা ১ লাখতকৈ অধিক লোকৰ জীৱনলৈ ক’ৰ’না মহামাৰীৰ বাবে শংকা নামি আহিছে,” বজালী অঞ্চলৰ এগৰাকী জেষ্ঠ অধিবক্তা গিৰিধৰ চৌধুৰীয়ে কয়।

চৌধুৰীয়ে এইক্ষেত্ৰত অসম চৰকাৰক আগবাঢ়ি আহি সহায় কৰাৰ বাবেও আহ্বান জনায়।