NORTHEAST NOW (Assamese)

টীয়কৰ এজন যুৱকৰ ব্যতিক্ৰমী পূজা, নিজ হাতে নিৰ্মাণ কৰে প্ৰতিমা

October 25, 2020 8:23 pm · নিৰ্মলেন্দু পাঠক

যোৰহাট জিলাৰ টীয়কৰ এভাগ বিশেষ পূজাই  দৃষ্টি আকৰ্ষণ কৰিছে l

বিশেষ বুলি এই বাবেই বিবেচিত হৈছে কাৰণ টীয়কৰ অতিকৈ এক ভিতৰুৱা অঞ্চল মেলেং লহকৰ গাঁৱৰ এজন যুৱক কৃষ্ণ প্ৰসাদ দত্তই তেওঁৰ তিনি বছৰ বয়সৰ পৰাই দূৰ্গাৰ পূজা অৰ্চনা কৰি আহিছে।

প্ৰথম অৱস্থাত ঘৰৰ পিৰালিতে  কেচুমতা মাটিৰে প্ৰতিমা প্ৰস্তুত কৰি আৰু লাহে লাহে পৰিয়ালৰ সহযোগত বৰ্তমান ঘৰৰ চোতালতে পূজা মণ্ডপ প্ৰস্তুত কৰি সম্পূৰ্ণ নীতি নিয়মেৰে পালন কৰিছে দূৰ্গা পূজা।

বৈদিক মন্ত্ৰ উচ্চাৰণত পবিত্ৰ কৰি তুলিছে সমগ্ৰ পৰিবেশ।

উল্লেখযোগ্য যে  কোনো ধৰণৰ অনুষ্ঠানিক পূজাৰ শিক্ষা নথকাকৈয়ে যুৱকজনে সংস্কৃত ভাষাত মন্ত্ৰ পাঠ তথা নিখুঁতভাৱে প্ৰতিমা নিজ হাতে নিৰ্মাণ কৰি সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

পেছাগতভাৱে এজন মৃন্ময় শিল্পী কৃষ্ণ প্ৰসাদক লৈ স্থানীয় সকলো ৰাইজ উৎসাহিত হৈ পৰিছে লগতে তেওঁ এই পূজাভাগৰ যাতে সফল সমাপ্তি ঘটাব পাৰে সেই উদ্দেশ্যে সম্পূৰ্ণ সহায় -সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হৈছে।

Related News