বিজেপি শাসনত দেশত অঘোষিত জৰুৰীকালীন অৱস্থা চলিছে : প্ৰদেশ কংগ্ৰেছ

TG-1140x570

গুৱাহাটীত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ সংবামেল। ফাইল ফটো

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈক নতুন দিল্লীৰ অসম হাউছত এখন সংবাদমেল সম্বোধন কৰিবলৈ অনুমতি নিদিয়াৰ এদিন পাছতে শুকুৰবাৰে কংগ্ৰেছে বিজেপিৰ শাসনত দেশত ‘’অঘোষিত জৰুৰীকালীন অৱস্থা’’ চলিছে বুলি মন্তব্য কৰে।

‘’এয়া অঘোষিত জৰুৰীকালীন অৱস্থাৰ বাহিৰে একো নহয়। ইয়াত আমাৰ কথা কোৱাৰ অধিকাৰো নাই অথৱা মত প্ৰকাশৰ স্বাধীনতা… চৰকাৰে আমাৰ মুখ বন্ধ কৰিবলৈ চেষ্টা কৰিছে,’’-অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয়।

তেওঁ কয় যে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈক নতুন দিল্লীৰ অসম হাউছৰ তেওঁৰ কোঠাত সাংবাদিকক সম্বোধন কৰিবলৈ অনুমতি নিদিয়া ঘটনা ‘’সম্পূৰ্ণ অগণতান্ত্ৰিক।’’

বৰাই শুকুৰবাৰে অসম হাউছৰ আৱাসিক আয়ুক্তলৈ বিষয়টো সন্দৰ্ভত বাখ্যা বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে।

‘’যদি ইয়াত কিবা তেনেধৰণৰ নিয়ম আছে যে কোনোৱে ৰাজ্যিক অতিথিশালাত বক্তৱ্য ৰাখিব নোৱাৰে, তেওঁলোকে সেয়া লিখিতভাৱে দিব লাগিব,’’-বৰাই কয়।

‘’সংসদত বা আনকি বিধানসভাত, কোনোৱে চৰকাৰৰ সপক্ষে বা চৰকাৰৰ বিপক্ষে ক’ব পাৰে… এটা ৰাজ্যিক অতিথিশালাত কোনোৱাক সংবাদ মাধ্যমক কথা কোৱাৰ পৰা কোনে বাৰণ কৰিব পাৰে,’’-তেওঁ কয়।

উক্ত ঘটনাটোৱে ইতিমধ্যে অসমত বিতৰ্কৰ সৃষ্টি কৰিছে। পূৰ্বেও অসম প্ৰদেশ কংগ্ৰেছৰ আন সদস্য আৰু আন সংগঠনৰ প্ৰতিনিধিক অসম হাউছত সংবাদমেল সম্বোধন কৰাৰ অনুমতি দিয়া হোৱা নাছিল।