NORTHEAST NOW (Assamese)

চৰকাৰৰ হেঁচা! বিয়লি ৩ বজাৰ পূৰ্বে ৰাহুল গান্ধী যাব নোৱাৰিব বটদ্ৰৱা থানলৈ

January 21, 2024 6:26 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: January 21, 2024 6:27 pm

কাইলৈ অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধনৰ সময়তে ভাৰত জোড়ো ন্যায় যাত্ৰাত ব্যস্ত থকা ৰাহুল গান্ধীসহ কংগ্ৰেছৰ কেইবাজনো নেতাই বৰদোৱাৰ বটদ্ৰৱা থান ভ্ৰমণ কৰিব।

পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰিয়েই কাইলৈ কংগ্ৰেছ নেতাগৰাকীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱাত উপস্থিত হৈ মহাপুৰুষজনালৈ সেৱা আগবঢ়াব।

কিন্তু তাৰ পূৰ্বে আজি বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে কাইলৈ বিয়লি ৩ বজাৰ পূৰ্বে ৰাহুল গান্ধীক থানত উপস্থিত হোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে।

লক্ষণীয়ভাৱে কাইলৈ পুৱা প্ৰায় ৮ বজাৰ পৰা ৯ বজালৈ বটাদ্ৰৱ থান ভ্ৰমণৰ কথা আছিল ৰাহুল গান্ধীয়ে। কিন্তু এতিয়া থান পৰিচালনা সমিতিয়ে বান্ধি দিয়া সময়ক লৈ সৃষ্টি হৈছে বিতৰ্কৰ।

বটদ্ৰৱাৰ বিধায়ক ছিবামনি বৰালৈ প্ৰেৰণ কৰা এখন পত্ৰত থান পৰিচালনা সমিতিয়ে বিয়লি ৩ বজাৰ পূৰ্বে ৰাহুল গান্ধীক থানৰ চৌহদত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব উল্লেখ কৰিছে।

ইয়াৰ কাৰণ হিচাপে পৰিচালনা সমিতিয়ে ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা কেইবাটাও কাৰ্যসূচীৰ কথা উল্লেখ কৰিছে।

ইফালে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ এই সিদ্ধান্তক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। শাসকীয় বিজেপি চৰকাৰৰ হেঁচাতে থান পৰিচালনা সমিতিয়ে এই সিদ্ধান্ত লোৱা বুলি অভিযোগ উঠিছে।

Related News