NORTHEAST NOW (Assamese)

ভাৰতীয় সেনাৰ ব্লেজিং ছৰ্ড ডিভিজনৰ উদ্যোগত মহাবোধি অনাথ আশ্ৰমৰ শিক্ষামূলক ভ্ৰমণ

October 29, 2018 2:37 pm · এনই নাও নিউজ

ভাৰতীয় সেনাৰ ব্লেজিং ছৰ্ড ডিভিজনৰ সেনাৰ দ্বাৰা ‘সদ্ভাৱনা অভিযান’ৰ (Operation Sadbhavana) অন্তৰ্গত এটা দুদিনীয় শিক্ষামূলক ভ্ৰমণৰ কাৰ্যসূচী টাৱাঙৰ মহোবোধি অনাথ আশ্ৰমৰ পৰা ফ্লেগ অফ কৰা হয়। এই শিক্ষামূলক ভ্ৰমণটো অক্টোবৰৰ ২৬ৰ পৰা ২৭ তাৰিখলৈকে অনুষ্ঠিত কৰা হয়। ইয়াতে ২গৰাকী শিক্ষক আৰু মহাবোধি অনাথ আশ্ৰমৰ ষষ্ঠ মানৰ পৰা দশম মানলৈকে ২৯ গৰাকী ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

এই শিক্ষামূলক ভ্ৰমণৰ সময়চোৱাত ছাত্ৰীসকলে ছেলা হ্ৰদ আৰু ছেলা গিৰিপথ, নেউকমা ডেঙৰ সমীপস্থ য়াক গৱেষণা কেন্দ্ৰ আদি স্থান ভ্ৰমণ কৰে। দলটোৱে যশৱন্তগড় যুদ্ধ স্মাৰক ভ্ৰমণ কৰে। এই স্থানতেই ১৯৬২ৰ চীন-ভাৰত যুদ্ধত চিপাহী যশৱন্ত সিং দেশৰ হকে চহিদ হৈছিল।

শিক্ষামূলক ভ্ৰমণৰ দ্বিতীয় পৰ্বত ছাত্ৰীসকলে ডিৰাঙত থকা পৰ্বতাৰোহণ আৰু সহোযগী ক্ৰীড়াৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানত (NIMAS) শৈল আৰোহণ কৰে (rock climbing)। তেওঁলোকে ডিৰাং মঠ আৰু ডিৰাং ছোৱালী বিদ্যালয়ো দৰ্শন কৰে।অনাথ আশ্ৰমৰ ছাত্ৰীসকলে এই শিক্ষামূলক উদ্যোক্তা ভাৰতীয় সেনা বাহিনীক কৃতজ্ঞতা জ্ঞাপন কৰে।

Related News