পৰিৱৰ্তনৰ ফোঁপোলা স্বৰূপ : হাই ভল্টেজ বিদ্যুৎ পৰিবাহী তাঁৰৰ তলত চলিছে পাঠদান

IMG_20190920_074313_877

ফটও : নৰ্থ-ইষ্ট নাও

শাসনত অধিষ্ঠিত হোৱাৰ তিনিবছৰ পাছতো বিজেপি চৰকাৰৰ পৰিৱৰ্তনে চুব পৰা নাই চৰকাৰী শিক্ষাখণ্ডক। শিক্ষাৰ আমুল পৰিৱৰ্তন সাধন কৰিম বুলি কোৱা এইখন চৰকাৰৰ দিনতে এখন প্ৰথমিক বিদ্যালয়ৰ দুৰৱস্থাই শিক্ষক-শিক্ষয়ত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে।

চামগুৰি সমষ্টিৰ ২নং শিয়ালে খাইতি বালিকা প্ৰাৰ্থমিক বিদ্যালয়খন দেখিলে আপোনাৰ মনতো হয়তো তেনে ধৰণৰে এশ এবুৰি প্ৰশ্নৰে উদয় হ’ব।

১৯৮৬ চনত স্থাপন হোৱা বিদ্যালয়খন চৰকাৰীকৰণ নোহোৱাৰ অজুহাতত আজি পৰ্য্যন্ত বাঁহেৰে আধা বনোৱা এটা জৰাজীৰ্ণ ঘৰকে অতদিনে বিদ্যালয় বুলি ক’বলৈ বাধ্য হৈ আহিছে ছাত্ৰ-ছাত্ৰী, শিক্ষক তথা অভিভাৱক সকলে।

জৰাজীৰ্ণ বিদ্যালয়খনৰ মুধচত এখনো চালি নথকা তথা ভিতৰত এজোৰো ডেস্ক-বেঞ্চ নথকাৰ বাবে প্ৰখৰ ৰ’দত প্ৰায় অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীক দুজন শিক্ষকে মাটিতে বস্তা পাৰি নিতৌ পঢ়াব লগীয়া হয় চৌহদতে থকা এজোপা গছৰ তলত।

ইফালে বতাহ-বৰষুণৰ দিনত পাঠদানৰ পৰা বিৰত থাকি কণমানি ছাত্ৰ-ছাত্ৰী সকলক সুৰক্ষিত স্থানলৈ নিবলৈ বাধ্য হয় শিক্ষকদ্বয়ে।

ইয়াতকৈও ভয়ানক কথাটো হ’ল যে, যি ঠাইত ছাত্ৰ-ছাত্ৰী সকলক পাঠদান কৰা হয় সেই ঠাইৰ ওপৰেৰে পাৰ হৈ গৈছে ১১হাজাৰ ভল্টেজৰ উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ।

কিন্তু ইয়াৰ পিছতো ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

কেইবছৰমানৰ পূৰ্বে চৰকাৰীভাবে এটা ৰান্ধনীশাল প্ৰদানৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ বাবে পাঠ্যপুথি আৰু দৈনন্দিন মধ্যাহ্ন ভোজন প্ৰদান কৰিয়ে যেন দায়িত্ব সামৰিছে সংশ্লিষ্ট বিয়াগোম বিভাগটোৱে।

অঞ্চলটোৰ অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীৰে ভৰি থকা বিদ্যালয়খন যিকোনো প্ৰকাৰে শীঘ্ৰে চৰকাৰীকৰণ কৰাৰ লগতে এটা পকী বিদ্যালয় গৃহ নিৰ্মাণৰ বাবে কাতৰ অনুৰোধ জনাইছে শিক্ষদ্বয়ে।