কোভিডৰ ওচৰত হাৰ মানিলে আন্ধাৰ জগতৰ ডন চোটা ৰাজনে, এইমছত মৃত্যু

rajan

সৌসিদিনালৈ বহুতৰে বুকুত কঁপনি তোলা আন্ধাৰ জগতৰ ডন চোটা ৰাজনে অৱশেষত আজি কোভিডৰ ওচৰত হাৰ মানিলে।

কোভিডত আক্ৰান্ত চোটা ৰাজনক ২৬ এপ্ৰিলৰ দিনা দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছিল। আজি বিয়লি চোটা ৰাজনে শেষ নিশ্বাস ত্যাগ কৰে।

দীৰ্ঘ দিন ধৰি তিহাৰ কাৰাগাৰৰ এটা বিশেষ কুঠৰীত বন্দী কৰি ৰখা চোটা ৰাজন বাহিৰৰ কোনো লোকৰ সংস্পৰ্শলৈ অহা নাছিল যদিও কাৰাগাৰৰ কোনো লক্ষণ নথকা বিষয়াডকৰ্মীৰ পৰাই তেওঁৰ দেহলৈ ক’ৰ’না সংক্ৰমিত হোৱা বুলি সন্দেহ কৰা হৈছিল।

কিছুদিন পূৰ্বে গেংষ্টাৰজনক বন্দী কৰি ৰখা তিহাৰ জেল কৰ্তৃপক্ষই ৰাজন কোভিডত আক্ৰান্ত বুলি  ঘোষণা কৰিছে।

উল্লেখযোগ্য যে যোৱা চাৰি সপ্তাহত তিহাৰ জেলত ১৭০ জন কয়দী আৰু ৬০ জন জেল বিষয়া ক’ভিডত আক্ৰান্ত হৈছে।

উল্লেখযোগ্য যে ভাৰতৰ ‘ম’ষ্ট ৱাণ্টেড’ গেংষ্টাৰসকলৰ অন্যতম চোটা ৰাজনক ২০১৫ চনৰ ২৫ অক্টোৱৰত ইণ্ডোনেচিয়াৰ বালিত গ্ৰেপ্তাৰ কৰা হৈছিল।

৬১ বৰ্ষীয় গেংষ্টাৰজন প্ৰায় দুই দশকধৰি ৬৮টাকৈ বৃহৎ অপৰাধৰ গোচৰত পলাতক অৱস্থাত আছিল।

১৯৮০ চনত মুম্বাইৰ সহকৰ অশোক চিনেমা  হলত টিকট ব্লেকাৰ হিচাবে কাম কৰা চোটা ৰাজনে পৰৱৰ্তী সময়ত ড্ৰাগছ সৰবৰাহকে ধৰি আন বহু অপৰাধত জৰিত হৈ পৰিছিল।

বহু কেইটা হত্যা তথা অপহৰণৰ গোচৰ মূৰত লৈয়েই চোটা ৰাজনে আজি মৃত্যুক সাৱটি লয়।

ৰাজনে অংকিতা বৈদ নামৰ যুৱতীগৰাকীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল আৰু তেওঁৰ নিকিতা, অংকিতা আৰু খুছী নামৰ তিনিগৰাকী কন্যা আছে।

চোটা ৰাজনৰ কলংকিত জীৱনকলৈ বলীউডত কেইবাখনো ছবি নিৰ্মাণ হৈছে।

১৯৯৯ চনত সঞ্জয় দত্তই অভিনয় কৰা ‘বাস্তৱ— দ্য ৰিয়েলিটি’,২০০২ চনত বিবেক অৱেৰয়ে অভিনয় কৰা ‘কোম্পেনী’ ছবি কেইখন চোটা ৰাজনৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছিল।