নিয়োগ মেলা : বঙাইগাঁৱতো চাকৰি বিচাৰি মনত আশালৈ অহা নিবনুৱা উভতিল আশাহত হৈ

বঙাইগাঁও আই টি আই কলেজ চৌহদত অসম দক্ষতা,নিয়োগ আৰু উদ্যমিতা বিভাগৰ অধীনত বঙাইগাঁও জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ উদ্যোগত এখন নিয়োগ মেলা অনুষ্ঠিত কৰা হয়।এই নিয়োগ মেলা মুকলি কৰে বঙাইগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত নৱজ্যোতি ওজাই।এই নিয়োগ মেলাত ৩৫০০ ৰো অধিক যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে।

এই নিয়োগ মেলাত নিয়োগকৰ্তা হিচাপে উপস্থিত থাকে স্বাগত হাস্পতাল আৰু ৰিচাৰ্চ চেন্টাৰ, লৱাৰ আসাম হাস্পতাল আৰু ৰিচাৰ্চ চেন্টাৰ, আৰোগ্য হাস্পতাল, এইম আই টি , আৰ্য পাব্লিক স্কুল আৰু হোটেল জাহ্নৱী ৰিগেন্সি কৰ্তৃপক্ষ।

নিয়োগ মেলাত সহকাৰী আয়ুক্ত মুনমী শইকীয়া, জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ জিলা নিয়োগ বিষয়া মনোৰঞ্জন বসুমতাৰী,সহকাৰী নিয়োগ বিষয়া অজিতাভ বৰ্মন, দক্ষতা বিকাশ মিছনৰ জিলা প্ৰকল্প বিষয়া ছফিকুল ইছলাম, বঙাইগাঁও জিলাৰ মহাত্মা গান্ধী নেশ্যনেল ফেল’ শীতাংশু কুমাৰ, চিৰাং জিলাৰ মহাত্মা গান্ধী নেশ্যনেল ফেল’ পৌলমী দে আদি বিশিষ্ট ব্যক্তিসকলে নিয়োগ মেলাত উপস্থিত থাকে।

উল্লেখ্য যে নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ ফলত এই নিয়োগ মেলাত চাকৰি বিচাৰি ভিৰ কৰে নিবনুৱা শিক্ষিত যুৱক – যুৱতীসকলে ৷

পুৱাৰে পৰা হাতত নিজৰ বায়’দাতা তথা বিভিন্ন নথি পত্ৰ লৈ আহি শাৰী পাতে চাকৰি এটিৰ আশাত ৷
কিন্তু এই নিয়োগ মেলাত ভিৰ অনুপাতে চাকৰি আছিল কেৱল ৭০ টাৰ অধিকহে ৷

সেয়ে মনত আশালৈ পুৱাই বঙাইগাঁও আই টি আই চৌহদত উপস্থিত হোৱা যুৱক – যুৱতীসকলে বিয়লি ঘৰলৈ বুলি উভতি যায় বেজাৰ মনেৰে ৷ ইপিনে জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ সহকাৰী নিয়োগ বিষয়া অজিতাভ বৰ্মনে জানিবলৈ দিয়া মতে চাকৰি প্ৰত্যাশী যুৱক – যুৱতীৰ অত্যাধিক ভিৰৰ প্ৰতি লক্ষ্য ৰাখি অহা চাৰি জানুৱাৰীত পুনৰ নিয়োগ মেলা অনুষ্ঠিত কৰিব ৷

তাত যাতে অধিক যুৱক – যুৱতীয়ে কৰ্মসংস্থাপন পাব পাৰে সেই বাবে বিভিন্ন কোম্পানীৰ সৈতে যোগাযোগ কৰি আছে ৷