• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

NRC সৃষ্ট “ৰাষ্ট্ৰহীনতা”ৰ শংকা অতি শীঘ্ৰে দূৰ কৰিবলৈ ৰাষ্ট্ৰসংঘৰ আহ্বান

এন ই নাও নিউজ by এন ই নাও নিউজ
October 7, 2019 8:46 pm
UNHCR
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী উচ্চায়ুক্তই এটা বিবৃতিত অসমৰ এন আৰ চিৰ প্ৰেক্ষাপটত ৰাষ্ট্ৰহীন হৈ পৰিব পৰা মানুহৰ সমস্যাটো অতি শীঘ্ৰে সমাধান কৰিবলৈ আহ্বান জনাইছে।

বিশ্বৰ বিভিন্ন অংশত নাগৰিকত্বহীনতা বা ৰাষ্ট্ৰহীনতাৰ শংকাত থকা লোকসকলৰ কথা ক’বলৈ গৈ বিশেষভাৱে ম্যানমাৰৰ ৰহিঙীয়াসকল আৰু অসমত সংখ্যালঘু জনসমষ্টিৰ ৰাষ্ট্ৰহীনতাৰ শংকাৰ কথাটো উল্লেখ কৰে।

“সমাধান জৰুৰীভাৱে প্ৰয়োজন হৈছে” বুলি মন্তব্য কৰি বিশ্বৰ শৰণাৰ্থী সমস্যাটোত চকু ৰখা ৰাষ্ট্ৰসংঘৰ গোটটোৰ উচ্চায়ুক্ত ফিলিপো গ্ৰাণ্ডিয়ে কয়, “ইয়াৰ অন্যথাই আমি ইতিপূৰ্বে লাখ লাখ লোক ভুক্তভোগী হোৱা এই বহিৰ্ভূতকৰণক অধিক গভীৰ কৰা হ’ব”।

৭-ৰ পৰা ১১ অক্টোবৰলৈ জেনেভাত কাৰ্য্যকৰী কমিটীৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ’ব আৰু তাৰ কেইঘণ্টামান পূৰ্বে তেওঁ এই গুৰুত্বপূৰ্ণ বিবৃতি আগ বঢ়ায়।

গ্ৰাণ্ডিয়ে শেহতীয়াকৈ উত্থান ঘটা ৰাষ্ট্ৰবাদৰ ভয়ংকৰ ৰূপটোক আঙুলিয়াই ই “ৰাষ্ট্ৰহীনতা”ৰ বিৰুদ্ধে চলাই থকা যুঁজখনৰ শেহতীয়া অগ্ৰগতিক বিপৰ্য্যয়ৰ মাজলৈ ঠেলি দিয়া বুলি সোঁৱৰাই দিয়ে। তেওঁ ৰাষ্ট্ৰহীনতাক বিশ্বজুৰি লাখ লাখ মানুহৰ দুৰ্ভোগৰ এটা কাৰণ বুলি কয়।

বিশ্ব সম্প্ৰদায় এতিয়া ৰাষ্ট্ৰহীনতাক চিৰ বিদায় দিবলৈ আগ বাঢ়ি আহিছে বুলি দাবী কৰি ইয়াৰ বাধা হিচাপে ৰাষ্ট্ৰবাদক চিহ্নিত কৰে।

“যদিও আশাকৰা ধৰণে অগ্ৰগতি হোৱা নাই, ৰাষ্ট্ৰবাদৰ বিভিন্ন ধ্বংসাত্মক ৰূপবোৰ আৰু শৰণাৰ্থী তথা প্ৰব্ৰজন-বিৰোধী ভাবাৱেগবোৰ হ’ল এই অগ্ৰগতিক পিছলৈ ঠেলা শক্তিশালী আন্তঃৰাষ্ট্ৰীয় ঢৌ”, বিবৃতিটোত গ্ৰাণ্ডিয়ে কয়।

ৰাষ্ট্ৰসংঘৰ এই শৰণাৰ্থী এজেন্সিটোৱে ২০১৪ চনত “IBelong” হেছটেগৰ অধীনত ২০২৪ চনৰ ভিতৰত নাগৰিকত্বহীনতা নোহোৱা কৰা বাবে এটা অভিযান আৰম্ভ কৰিছিল।

তেতিয়াৰ পৰা প্ৰায় ১৫খন দেশে নাগৰিকত্বহীনতাৰ দুখন প্ৰধান চুক্তি (the 1954 UN Convention relating to the Status of Stateless Persons আৰু the 1961 Convention on the Reduction of Statelessness)ত সন্মতি প্ৰদান কৰিছে।

এই সপ্তাহত এই সন্মতি প্ৰদানৰ সংখ্যা অধিক বৃদ্ধি পাব বুলি গ্ৰাণ্ডিয়ে আশা প্ৰকাশ কৰে। the 1954 UN Convention relating to the Status of Stateless Persons চুক্তিখনত সন্মতি জনোৱা দেশৰ সংখ্যাই ১০০খনৰ সীমা অতিক্ৰম কৰিব পাৰে বুলি তেওঁৰ মন্তব্য।

বিবৃতিটোত গুৰুত্বপূৰ্ণ তথ্য দাঙি ধৰি গ্ৰাণ্ডিয়ে কয়, প্ৰথম পাঁচ বছৰত ২,২০,০০০জনতকৈ অধিক লোকে নাগৰিকত্ব লাভ কৰিছে।

এই বছৰৰ জুলাইত কিৰ্গিস্তান বিশ্বৰ প্ৰথমখন এনে দেশত পৰিণত হয়, যি নাগৰিকত্বহীনতাৰ সকলো জ্ঞাত ঘটনাৰ সম্পূৰ্ণ সমাধান ঘোষণা কৰে।

তাৰোপৰি, অভিযানটো আৰম্ভ হোৱাৰ পিছৰ পৰা দুখন দেশ- মাদাগাস্কা আৰু ছিয়েৰা লিয়নে নাগৰিকত্ব আইন সংশোধন কৰিছে। এই সংশোধনৰ জৰিয়তে মাতৃসকলেও দেউতাকসকলৰ দৰেই তেওঁলোকৰ সন্তানলৈ নাগৰিকত্ব হস্তান্তৰ কৰিব পাৰিব। অৰ্থাৎ মাতৃৰ সূত্ৰৰ পৰাও সন্তানে নাগৰিকত্ব লাভ কৰিব পাৰিব।

বিশ্বত এতিয়াও ২৫খন দেশে মাতৃৰ সূত্ৰৰ পৰা সন্তানে নাগৰিকত্ব লাভ কৰাৰ নিয়মক অনুমতি দিয়া নাই।

বিবৃতিটোত আৰু কোৱা হয় যে সকলো নাগৰিকত্ব আইনে কোনো শিশু যাতে নাগৰিকত্ববিহীন হৈ জন্ম নহয়, নাগৰিকত্বহীনতা যে প্ৰজন্মৰ পিছত প্ৰজন্মলৈ বাগৰি গৈ থাকিব পাৰে সেইবোৰ নিশ্চিত নকৰে।

উল্লেখ কৰিব পাৰি যে অসমত সদ্যপ্ৰকাশিত এন আৰ চিৰ পৰা ১৯লাখতকৈ অধিক লোকৰ নাম বাদ পৰিছে, যিটোক লৈ বিভিন্ন মানৱ অধিকাৰ সংগঠন, ৰাষ্ট্ৰসংঘৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংস্থাই উদ্বেগেৰে চকু ৰাখিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm
পুনৰ ‘ডিজিটেল এৰেষ্ট’ কাণ্ডঃ প্ৰাণ হেৰুৱালে আগ্ৰাৰ ৭৬ বছৰীয়া এগৰাকী মহিলাই

পুনৰ ‘ডিজিটেল এৰেষ্ট’ কাণ্ডঃ প্ৰাণ হেৰুৱালে আগ্ৰাৰ ৭৬ বছৰীয়া এগৰাকী মহিলাই

September 17, 2025 6:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd