NORTHEAST NOW (Assamese)

য়ুনিচেফৰ চাঞ্চল্যকৰ প্ৰতিবেদন; ভাৰতত প্ৰতিবছৰে পুষ্টিহীনতাৰ চিকাৰ হয় ৬৯ শতাংশ শিশু

October 19, 2019 2:18 pm · এন ই নাও নিউজ
Updated: October 19, 2019 2:44 pm
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

ভাৰতত প্ৰতিবছৰে অপুষ্টিৰ কাৰণে ৬৯ শতাংশ শিশুৰ (পাঁচ বছৰ বয়সৰ তলৰ) মৃত্যু হয়। য়ুনিচেফৰ এক প্ৰতিবদেনত এই ভয়ংকৰ তথ্য প্ৰকাশ পাইছে।

‘দ্যা টেষ্ট অব দ্যা ৱৰ্ল্ড চিলড্ৰেন,২০১৯’ শীৰ্ষক প্ৰতিবেদনত এই তথ্য প্ৰকাশ পোৱাৰ লগতে দেশৰ মাত্ৰ ২১ শতাংশ শিশুৰ খাদ্য তালিকাতহে প্ৰয়োজনীয় সুষম আহাৰ সঠিক মাত্ৰাত থাকে বুলি প্ৰকাশ পায়।

প্ৰয়োজনীয় পুষ্টিৰ অভাৱত শিশুসকলে নানান জটিল ৰোগত ভোগে ইয়াৰ ভিতৰত ‘প্ৰোজেৰিয়া’ নামৰ ৰোগবিধো অন্তৰ্ভূক্ত হৈ আছে।

তদুপৰি, অত্যাধিক মানসিক চাপ, কিডনিৰ জটিল ৰোগ, মধুমেহ ৰোগ আদিতো শিশু সকল ভোগা দেখা যায়।

এইক্ষেত্ৰত ভাৰতীয় মহিলাৰ ছবিখন আৰু অধিক বেয়া। য়ুনিচেফৰ প্ৰতিবেদনত ভাৰতৰ প্ৰতি দুগৰাকী মহিলাৰ ভিতৰত এগৰাকী মহিলাই ৰক্তহীনতাত ভোগ তথ্য প্ৰকাশ পাইছে।

প্ৰতিবেদন মতে, পাঁচ বছৰতকৈ কম বয়সৰ শিশুসকলৰ প্ৰতি পাঁচজনৰ ভিতৰত এজনৰ শৰীৰত ভিটামিন-এৰ অভাৱ দেখা পোৱা যায়।

প্ৰতি তিনিজন শিশুৰ ভিতৰত এজনৰ শৰীৰত ভিটামিন বি-১২ আৰু প্ৰতি পাঁচজন শিশুৰ ভিতৰত দুজনে ৰক্তহীনতাত ভোগা দেখা যায়।

অতিমাত্ৰা পুষ্টিহীনতাৰ অভাৱত ৰিকেট, বেৰীবেৰী, স্কাৰ্ভি, কুকুৰীকনা আদি ৰোগত শিশুসকল ভোগা দেখা যাই বুলি প্ৰতিবেদনখনত প্ৰকাশ কৰা হৈছে।

বিশ্লেষকে শিশুসকলে প্ৰয়োজনীয় মাতৃ দুগ্ধৰ পৰা বঞ্চিত হোৱাৰ উপৰিও সঠিক মাত্ৰাৰ সুষম আহাৰৰ অভাৱত ভোগাৰ বাবেই পুষ্টিহীনতাত চিকাৰ হয় বুলি মত প্ৰকাশ কৰিছে।

আনহাতে, দৰিদ্ৰতা, উপযুক্ত শিক্ষা আৰু স্বাস্থ্য সংক্ৰান্তীয় সচেতনতাৰ অভাৱকে ইয়াৰ বাবে জগৰীয়া কৰে।

Related News