NORTHEAST NOW (Assamese)

চাঞ্চল্য! দিছপুৰৰ জনতা ভৱনৰ সমুখতে উদ্ধাৰ অচিনাক্ত ব্যক্তিৰ মৃতদেহ

May 16, 2024 4:20 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

বৃহস্পতিবাৰে দিছপুৰৰ জনতা ভৱনৰ সমুখত উদ্ধাৰ হয় এগৰাকী অচিনাক্ত ব্যক্তিৰ অৰ্ধগলিত মৃতদেহ।

দিছপুৰৰ জনতা ভৱনৰ ঠিক সমুখত থকা বাহিনী নৈ (নলা)ত উদ্ধাৰ হয় ব্যক্তিগৰাকীৰ মৃতদেহ।

মৃতদেহ স্থানীয় লোক তথা কাষতে থকা ভাৰতীয় ষ্টেট বেংকৰ মুখ্য আঞ্চলিক কাৰ্যালয়ৰ কৰ্মচাৰীয়ে প্ৰত্যক্ষ কৰাৰ পিছত আৰক্ষীক খবৰ দিয়া হয় আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে।

ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে যদিও মৃত লোকজনৰ মৃত্যু কেনেকৈ হ’ল আৰু মৃত লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই।

Related News