ৰংজুলি কুহিঁয়াৰবাৰীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ

ৰংজুলি কুহিঁয়াৰবাৰী কাপাছতুলিত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ ৷ ৰংজুলিৰ কৰণৈ নৈৰে উটি অহা অৱস্থাত উদ্ধাৰ কৰা হয় মৃতদেহটো ৷ ৰংজুলি আৰক্ষীয়ে কাপাছতুলিত কৰণৈ নৈৰ পৰা উদ্ধাৰ কৰে মহিলাৰ মৃতদেহটো ৷

স্থানীয় ৰাইজে নৈৰ পানীৰে উটি অহা মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ৷ মৃতদেহটো অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হোৱাৰ বাবে বৰ্তমান চিনাক্ত কৰিব পৰা হোৱা নাই ৷

লগতে বয়স নিৰ্ধাৰণ কৰিব পৰা নাই আৰক্ষীয়ে ৷ অৱশ্যে মহিলা গৰাকী গাৰো জনগোষ্ঠীৰ হ’ব পাৰে বুলি সন্দেহ কৰা হৈছে ৷ আনহাতে ৰংজুলি আৰক্ষীৰ হাতত বৰ্তমান কোনো লোক সন্ধানহীন হৈ থকাৰ তথ্য নাই ৷

মৃতদেহটো দণ্ডাধীশৰ উপস্থিতিত উদ্ধাৰ কৰি চিনাক্তকৰণ কৰা হ’ব বুলি জনাইছে আৰক্ষীয়ে ৷ মৃতদেহটো লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবেও প্ৰেৰণ কৰা হ’ব ৷