টিপঙত দুৰ্বৃত্তৰ শূন্যলৈ গুলিচালনা; অচিনাক্ত যুৱকৰ কাণ্ডত অঞ্চলটোত আতংক

তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত টিপং কলিয়ৰীৰ চালী নামৰ ঠাইত নিশা গুলিচালনাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। মুখত ক’লা কাপোৰ মাৰি আহিছিল দুৰ্বৃত্তই। দুই ৰাউণ্ড গুলিচালনা কৰি এখন দোকান, এখন মটৰ চাইকেল ক্ষতিগ্ৰস্ত কৰাৰ লগতে এগৰাকী যুৱকক আক্ৰমণ কৰি দুৰ্বৃত্তই পলায়ন কৰে।

উল্লেখ্য যে দুৰ্বৃত্তজনে প্ৰথমে চালীত অৱস্থিত গেলামাল দোকান খনৰ সন্মুখত উপস্থিত হৈয়ে শূণ্যলৈ এক জাই গুলি চলায়। তাৰ পাছত ৰবি কুমাৰ শ্বাহ নামৰ লোকজনৰ গেলামাল দোকানত উপস্থিত হৈ দোকানী ৰবি কুমাৰ শ্বাহক মূৰত বন্দুক লগাই দোকান সোনকালে বন্ধ কৰাৰ ভাবুকি দিয়ে।

লগতে পঢ়ক: যিকোনো যুদ্ধৰ বাবে সাজু চীনৰ সশস্ত্ৰ বাহিনী; সতৰ্ক কৰি দিছে প্ৰতিৰক্ষা মন্ত্ৰী ৱেই ফেংহে

পৰৱৰ্তী সময়ত যুৱকজনে তেওঁৰ দোকানৰ কিছু আচবাব ক্ষতি কৰে । তেনে সময়তে দোকান খনৰ কাষতে লাগি থকা নিবাসী ৰিনা দেৱী নামৰ মহিলা গৰাকীৰ সৈতে পৰিয়ালটো ঘটনাৰ বুজ লবলৈ বুলি ততাতৈয়াকৈ দোকানখনত উপস্থিত হয়। পৰিয়ালটো উক্ত স্থানত উপস্থিত হোৱাৰ লগে লগে যুৱকজনে আটাইকেইজনকে খেদি আনি বাসগৃহটোত বন্দী কৰি থৈ বাহিৰলৈ ওলাই নহাৰ ভাবুকি দিয়ে।

তাৰ পাছতেই বন্দুকধাৰী যুৱকজনে দোকানৰ সন্মুখত ৰখাই থোৱা তিনিখন মটৰ চাইকেলত গোৰ মাৰি ক্ষতি সাধন কৰে। লগতে উক্ত স্থানত ৰৈ থকা কৃষ্ণ ৰাজপুত আৰু দীপক থাপা নামৰ লোক দুজনক পিষ্টলৰ গদীৰে প্ৰহাৰ কৰে। লগে লগে আটাইকেইজন লোক তাৰ পৰা পলাই প্ৰাণ ৰক্ষা কৰে। শেষত যুৱকজনে পুনৰ এজাই শূণ্যলৈ গুলি চালনা কৰি ফিনবিৰু গাঁৱৰ দিশে আঁতৰি যায়।

লগতে পঢ়ক: ভাৰতৰ আৰু উন্নত পাৰমাণৱিক ক্ষেপণাস্ত্ৰৰ সফল উৎক্ষেপণ; অধিক শক্তিশালী হৈ পৰিল সেনাবাহিনী

নিশা ঘটনাস্থলীত লেখাপানী আৰক্ষী আৰু অসম ৰাইফলছৰ এটা দল ৰাওনা হয় যদিও মুখত মাক্স পৰিধান কৰি অহা বন্দুক ধাৰী যুৱকজনৰ সন্দৰ্ভত কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই। বৰ্তমান উক্ত ঘটনা কেন্দ্ৰ কৰি সমগ্ৰ এলেকাটোত এক চেপা উত্তেজনা বিৰাজ কৰি আছে।