কেন্দ্ৰীয় বাজেট ২০২০-২১; শিক্ষাখণ্ডলৈ ৯৯,৩০০ কোটি টকা, দেশৰ প্ৰতিখন জিলাত হ’ব চিকিৎসা মহাবিদ্যালয়

U B 2020

কেন্দ্ৰীয় বাজেট দাখিলৰ সময়ত বিত্ত মন্ত্ৰী

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি লোকসভাত ২০২০-২১ বৰ্ষৰ বিত্তীয় বাজেট দাখিল কৰে।

বাজেট দাখিল কৰি বিত্ত মন্ত্ৰীয়ে দেশৰ শিক্ষা খণ্ডৰ বাবে ২০২০-২১ বৰ্ষত মুঠ ৯৯,৩০০ কোটি টকা ধাৰ্য্য কৰা বুলি ঘোষণা কৰে।

সীতাৰমণে লোকসভাত চৰকাৰে শীঘ্ৰেই নতুন শিক্ষা নীতি মুকলি কৰিব বুলিও ঘোষণা কৰে।

আনহাতে, বিত্ত মন্ত্ৰীগৰাকীয়ে জিলা চিকিৎসালয় সমূহক চিকিৎসা মহাবিদ্যালয়লৈ উন্নীত কৰাৰ বাবেও চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে বুলি কয়।

বাজেট ২০২০-২১ত শিক্ষাখণ্ডক লৈ কৰা কেইটামান ঘোষণা-