NORTHEAST NOW (Assamese)

কেন্দ্ৰীয় কৰ্মচাৰীলৈ মোদী চৰকাৰৰ বিশেষ “দিৱালীৰ উপহাৰ”

October 9, 2019 5:25 pm · এন ই নাও নিউজ
Updated: October 9, 2019 6:18 pm

নৰেন্দ্ৰ মোদীৰ চৰকাৰে বুধবাৰে দেশৰ কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বিশেষ “দিৱালী উপহাৰ” ঘোষণা কৰিছে।

প্ৰধান মন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকে বুধবাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ মৰগীয়া ভাত্তাৰ ৫ শতাংশ বৃদ্ধিত অনুমোদন জনাইছে, সংবাদমেলত “দিৱালী উপহাৰ” ঘোষণা কৰি মন্ত্ৰী প্ৰকাশ জাভাড়েকৰে কয়।

তাৰোপৰি, কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চনাৰসকলৰ মৰগীয়া সাহায্য (Dearness Relief)ও অনুৰূপ হাৰত বৃদ্ধি কৰা হৈছে।

এই অনুমোদন ২০১৯ চনৰ ১ জুলাইৰ পৰা হিচাপত ধৰা হ’ব।

মূল্য বৃদ্ধিৰ ক্ষতিপূৰণৰূপে সপ্তম দৰমহা আয়োগে পৰামৰ্শ দিয়া ফৰ্মুলাৰ আধাৰত মৰগীয়া ভাত্তাৰ এই নতুন নিৰিখ ঘোষণা কৰা হৈছে।

বে’চিক পে’/ পেঞ্চনৰ ওপৰত ইতিমধ্যে থকা মৰগীয়া বানচৰ ১২ শতাংশ হাৰৰ ওপৰত এই নতুন বৃদ্ধি সংযোজন কৰা হ’ব।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী জাভাড়েকৰে সদৰী কৰামতে, এই সিদ্ধান্তই প্ৰায় ৫০ (আচল সংখ্যা ৪৯.৯৩) লাখ কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী আৰু ৬২ (৬৫.২৬) লাখ পেঞ্চনাৰক উপকৃত কৰিব।

জানুৱাৰি ১ৰ পৰা ১ জুলাইলৈকে বছৰত দুবাৰকৈ মৰগীয়া ভাত্তাৰ সংশোধন কৰা হয়।

এই বৰ্ধিত মৰগীয়া ভাত্তাত বছৰি ব্যয় হ’ব ১৫,৯০৯.৩৫ কোটি টকা।

২০১৯ চনৰ ১ জুলাইৰ পৰা ২০২০ চনৰ ফেব্ৰুৱাৰিলৈকে ৮ মাহ সময়ৰ বাবে ব্যয় হ’ব ১০,৬০৬.২০ কোটি টকা।

Related News