দুৰ্গোৎসৱৰ আনন্দ উল্লাসৰ মাজতে মাৰ্ঘেৰিটা মহকুমাৰ পেঙেৰী থানাৰ অন্তৰ্গত খাটাংপানী চাহ বাগিচাৰ লাইনত সংঘটিত এক জঘন্য ধৰ্ষণ কাণ্ডই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
প্ৰাপ্ত তথ্য অনুসৰি যোৱা ৬ অক্টোবৰ অৰ্থাৎ দুৰ্গা পূজাৰ অষ্টমী সন্ধিয়া খাটাংপানী চাহ বাগিচাৰ ৰাজা ওৰাং (২৬) নামৰ এজন যুৱকে তেওঁৰ ঘৰৰ কাষৰে নিৱাসী এজনৰ ঘৰলৈ আলহীসূত্ৰে ফুৰিবলৈ অহা এগৰাকী ১২ বছৰীয়া নাবালিকাক পূজা দেখুওৱাৰ প্ৰলোভনেৰে ফুচুলাই নি নিৰ্জনতাৰ সুযোগ লৈ বাগিচাৰ মাজত উপৰ্যুযুৰি ধৰ্ষণ কৰে।
পাছত এই জঘন্য ঘটনাৰ সবিশেষ পোহৰলৈ অহাত ধৰ্ষণকাৰীজনে ঘৰ এৰি পলায়ন কৰে বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে ভুক্তভোগী নাবালিকা গৰাকীৰ পৰিয়ালৰ লোকে ঘটনাৰ সন্দৰ্ভত পেঙেৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰাত ইতিমধ্যে পেঙেৰী আৰক্ষীয়ে ৫২/ ২০১৯, য়ু /এচ ৩৭৬ আই পি চি আৰ/ ডব্লিউ ধাৰা ৪ পকচো আইনৰ অধীনত এটি গোচৰ ৰুজু কৰে।
আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ সত্য-সত্যতা আৰু অভিযুক্ত ৰাজা ওৰাঙক বিচাৰি তদন্ত অব্যাহত ৰাখিছে।