NORTHEAST NOW (Assamese)

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি আৰ্থিক পেকেজৰ আৰু কি কি ঘোষণা কৰিলে?

May 17, 2020 12:33 pm · এন ই নাও নিউজ
বিত্ত মন্ত্রী নির্মলা সীতাৰমণ।

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০ লাখ কোটি টকাৰ আৰ্থিক পেকেজৰ সৈতে জড়িত অন্তিম ঘোষণাসমূহ আজি এক সংবাদমেলযোগে ঘোষণা কৰে।

বিত্ত মন্ত্ৰী সীতাৰমণে কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চিন্তাৰ আধাৰতে আৰ্থিক পেকেজ প্ৰস্তুত কৰা হৈছে।

এই পেকেজত ভূমি, শ্ৰমিক, আইন, লিকুইডিটিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

বিত্ত মন্ত্ৰীয়ে কয় যে প্ৰধান মন্ত্ৰী দৰিদ্ৰ কল্যাণ আঁচনিৰ অধীনত প্ৰযুক্তিৰ ব্যৱহাৰ কৰি নগদ ধনৰ ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ কৰা হৈছে।

ইয়াৰ দ্বাৰা ৮.১৯কোটি কৃষকৰ একাউন্টত দুহেজাৰকৈ টকা দিয়া হৈছে।

নিৰ্মলা সীতাৰমণে জানিবলৈ দিয়ে যে ইয়াৰোপৰি দেশৰ ২০ কোটি জন-ধন একাউন্টত ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰৰ জৰিয়তে ৫০০টকাকৈ জমা কৰা হৈছে।

উজলা আঁচনিৰ জৰিয়তে ৬.৮১কোটি ৰন্ধন গেছৰ গ্ৰাহকক বিনামূলীয়া ছিলিণ্ডাৰ যোগান ধৰা হৈছে।

তদুপৰি, ২.২০কোটি নিৰ্মাণ শ্ৰমিকক তেওঁলোকৰ একাউন্টত প্ৰত্যক্ষভাৱে পইচা দিয়া হৈছে।

বিত্ত মন্ত্ৰীয়ে লগতে কয় যে শ্ৰমিকক তেওঁলোকৰ গৃহ ৰাজ্যলৈ পঠোৱাৰ বাবে ৮৫শতাংশ খৰচ কেন্দ্ৰই বহন কৰিছে।

বিত্ত মন্ত্ৰীয়ে কয় যে কৰ’না ভাইৰাছৰ সৈতে যুঁজ দিয়াৰ বাবে স্বাস্থ্য বিভাগক ১৫হাজাৰ কোটি দিয়া হৈছে।

সেইদৰে টেষ্টিং আৰু লেবৰটেৰীৰ বাবে ৫৫০কোটি টকা দিয়া হৈছে।

কৰ’নাৰ বিৰুদ্ধে সন্মুখৰ পৰা যুঁজ দিয়া স্বাস্থ্যকৰ্মীসকলৰ বাবে ৫০ লাখ টকাৰ স্বাস্থ্যবীমা ঘোষণা কৰা হৈছে।

বিত্ত মন্ত্ৰীয়ে কয় যে শিক্ষা ক্ষেত্ৰত অনলাইন শিক্ষাৰ প্ৰয়োগ আৰম্ভ কৰা হৈছে। স্বয়ংপ্ৰভা ডিচিএইচ চেনেলত প্ৰথমতে তিনিটা আছিল আৰু ইয়াত এতিয়া ১২টা নতুন চেনেল সংযোগ কৰা হ’ব।

লাইভ ইন্টাৰএক্টিভ চেনেলৰ সংযোগ কৰিবৰ বাবেও কাম কৰি থকা হৈছে।

ৰাজ্যসমূহক লাইভ চেনেলত দেখুৱাবৰ বাবে ৪ঘন্টাৰ কন্টেন্ট দিবলৈ অনুৰোধ কৰা হৈছে।

উল্লেখযোগ্য যে বিত্ত মন্ত্ৰী সীতাৰমণে যোৱা বুধবাৰৰ পৰাই সংবাদমেলৰ জৰিয়তে ধাৰাবাহিকভাৱে ২০ লাখ কোটি টকাৰ আৰ্থিক পেকেজৰ সৈতে জড়িত তথ্যসমূহ সদৰী কৰি আহিছে।

Related News