DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি আৰ্থিক পেকেজৰ আৰু কি কি ঘোষণা কৰিলে?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 17, 2020 12:33 pm
nirmala-1576175414

বিত্ত মন্ত্রী নির্মলা সীতাৰমণ।

501
VIEWS
Share on FacebookShare on Twitter

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০ লাখ কোটি টকাৰ আৰ্থিক পেকেজৰ সৈতে জড়িত অন্তিম ঘোষণাসমূহ আজি এক সংবাদমেলযোগে ঘোষণা কৰে।

বিত্ত মন্ত্ৰী সীতাৰমণে কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চিন্তাৰ আধাৰতে আৰ্থিক পেকেজ প্ৰস্তুত কৰা হৈছে।

এই পেকেজত ভূমি, শ্ৰমিক, আইন, লিকুইডিটিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

বিত্ত মন্ত্ৰীয়ে কয় যে প্ৰধান মন্ত্ৰী দৰিদ্ৰ কল্যাণ আঁচনিৰ অধীনত প্ৰযুক্তিৰ ব্যৱহাৰ কৰি নগদ ধনৰ ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ কৰা হৈছে।

ইয়াৰ দ্বাৰা ৮.১৯কোটি কৃষকৰ একাউন্টত দুহেজাৰকৈ টকা দিয়া হৈছে।

নিৰ্মলা সীতাৰমণে জানিবলৈ দিয়ে যে ইয়াৰোপৰি দেশৰ ২০ কোটি জন-ধন একাউন্টত ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰৰ জৰিয়তে ৫০০টকাকৈ জমা কৰা হৈছে।

উজলা আঁচনিৰ জৰিয়তে ৬.৮১কোটি ৰন্ধন গেছৰ গ্ৰাহকক বিনামূলীয়া ছিলিণ্ডাৰ যোগান ধৰা হৈছে।

তদুপৰি, ২.২০কোটি নিৰ্মাণ শ্ৰমিকক তেওঁলোকৰ একাউন্টত প্ৰত্যক্ষভাৱে পইচা দিয়া হৈছে।

বিত্ত মন্ত্ৰীয়ে লগতে কয় যে শ্ৰমিকক তেওঁলোকৰ গৃহ ৰাজ্যলৈ পঠোৱাৰ বাবে ৮৫শতাংশ খৰচ কেন্দ্ৰই বহন কৰিছে।

বিত্ত মন্ত্ৰীয়ে কয় যে কৰ’না ভাইৰাছৰ সৈতে যুঁজ দিয়াৰ বাবে স্বাস্থ্য বিভাগক ১৫হাজাৰ কোটি দিয়া হৈছে।

সেইদৰে টেষ্টিং আৰু লেবৰটেৰীৰ বাবে ৫৫০কোটি টকা দিয়া হৈছে।

কৰ’নাৰ বিৰুদ্ধে সন্মুখৰ পৰা যুঁজ দিয়া স্বাস্থ্যকৰ্মীসকলৰ বাবে ৫০ লাখ টকাৰ স্বাস্থ্যবীমা ঘোষণা কৰা হৈছে।

বিত্ত মন্ত্ৰীয়ে কয় যে শিক্ষা ক্ষেত্ৰত অনলাইন শিক্ষাৰ প্ৰয়োগ আৰম্ভ কৰা হৈছে। স্বয়ংপ্ৰভা ডিচিএইচ চেনেলত প্ৰথমতে তিনিটা আছিল আৰু ইয়াত এতিয়া ১২টা নতুন চেনেল সংযোগ কৰা হ’ব।

লাইভ ইন্টাৰএক্টিভ চেনেলৰ সংযোগ কৰিবৰ বাবেও কাম কৰি থকা হৈছে।

ৰাজ্যসমূহক লাইভ চেনেলত দেখুৱাবৰ বাবে ৪ঘন্টাৰ কন্টেন্ট দিবলৈ অনুৰোধ কৰা হৈছে।

উল্লেখযোগ্য যে বিত্ত মন্ত্ৰী সীতাৰমণে যোৱা বুধবাৰৰ পৰাই সংবাদমেলৰ জৰিয়তে ধাৰাবাহিকভাৱে ২০ লাখ কোটি টকাৰ আৰ্থিক পেকেজৰ সৈতে জড়িত তথ্যসমূহ সদৰী কৰি আহিছে।

Recent News

Dog killed three-day-old baby in Panipat

চিকিৎসালয়ৰ বিচনাৰ পৰা তুলি নি তিনিদিনীয়া কেঁচুৱাক হত্যা কৰিল কুকুৰে

ONGC Helicopter accident

জৰুৰী অৱতৰণ কৰিবলৈ গৈ আৰৱ সাগৰত পৰিল অ’এনজিচিৰ হেলিকপ্টাৰ: চাৰিজন নিহত

Mohammed Zubair

সাংবাদিক মহম্মদ জুবেইৰক চাৰিদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

Telangana

লক্ষ্য সজাগতা সৃষ্টি: ২০৮ দিন খোজ কাঢ়ি কেইবাখনো ৰাজ্য পাৰ হৈ বিশ্বনাথত উপস্থিত তেলেঙ্গানাৰ যুৱক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd