• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগ্ৰীজুলিৰ কালচেনীত বিএছএফৰ অস্ত্ৰ মেৰামতি কাৰখানা আৰু অস্ত্ৰ ভাণ্ডাৰৰ আধাৰশিলা স্থাপন কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

দীপক কুমাৰ পাঠক, তামুলপুৰ by দীপক কুমাৰ পাঠক, তামুলপুৰ
May 10, 2022 7:06 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ  নাগ্ৰীজুলিৰ কালচেনীত সোমবাৰে ভাৰতবৰ্ষৰ দ্বিতীয়টো আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো কেন্দ্ৰীয় অস্ত্ৰ মেৰামতি কাৰখানা  তথা অস্ত্ৰ ভাণ্ডাৰৰ শিলান্যাস কৰে ভাৰতৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে।

মানকাচৰৰ পৰা পোনে পোনে হেলিকপ্তাৰ যোগে কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত  বিশ্ব শৰ্মাৰ লগত নাগ্ৰীজুলিৰ কালচেনীত দিনৰ দুই বাজি পোন্ধৰ মিনিটত উপস্থিত হয়। হেলিকপ্তাৰৰ পৰা নামিয়ে গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰী গৰাকীৰ উপস্থিতিত ভূমি পূজন কৰে। ভূমি পূজনৰ পিছতে অস্ত্ৰ মেৰামতিৰ কাৰখানা আৰু অস্ত্ৰ ভাণ্ডাৰৰ শিলান্যাস কৰে।

এই কাৰ্যসূচী সমাপন কৰিয়েই গৃহমন্ত্ৰী অমিত শ্বাহে মঞ্চত উপস্থিত হয় মঞ্চত উপস্থিত হোৱাৰ লগে লগে ১০ সহাস্ৰাধিক লোকে জাতীয় পতাকা জোকাৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীক আদৰণি জনায়।  ইয়াৰ পিছেতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক আৰনাই, ফুলৰ থোপা আৰু এখন মানপত্ৰৰে উষ্ম আদৰণি জনায় বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে।

লগতে পঢ়ক: মুখ্যমন্ত্ৰী শৰ্মাই অসমত ৪২ জন লোকৰ মৃত্যুদণ্ডৰ নিৰ্দেশ দিছিল: ভূপেন বৰা

গৃহমন্ত্ৰী গৰাকীক আদৰণি জনোৱাৰ পিছতে আদৰণি ভাষণ ৰাখে প্ৰমোদ বড়োৱে। আদৰণি ভাষণ ৰাখি প্ৰমোদ বড়োৱে কয়- আমি আজি আনন্দিত হৈছো যে বিটিআৰৰ এক আওহতীয়া স্থানত ভাৰত চৰকাৰে এটি অস্ত্ৰ মেৰামতি কাৰখানা তথা অস্ত্ৰ ভাণ্ডাৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত স্থাপন হবলৈ গৈ আছে। এই প্ৰকল্পটো নিৰ্মাণৰ বাবে ৫০ একৰ মাটি এমাহৰ ভিতৰত আবন্টন দিয়া হৈছে। এনে এক শুভ মুহূৰ্তত আমি কেন্দ্ৰীয় মন্ত্ৰী গৰাকী আৰু অসমৰ মুখ্যমন্ত্ৰী গৰাকীক আন্তৰিক স্বাগতম জনাইছোঁ।

মুখ্যমন্ত্ৰী গৰাকীক প্ৰশংসা কৰি বড়োয়ে কয় যে আপোনাৰ উপস্থিতিয়ে  বিকাশ আৰু শান্তিৰ পথত কাম কৰিবলৈ অনুপ্ৰাণিত কৰিছে। গৃহমন্ত্ৰী গৰাকীক উদ্দেশ্যে কৰি তেওঁ  কয়- আপুনি উপস্থিত হৈ এই বৃহৎ প্ৰকল্পটোৰ ভূমি পূজন কৰি আৰু শিলান্যাস কৰি শুভাৰম্ভ কৰাৰ বাবে আপোনাক আদৰণি জনাইছোঁ। এনে এটা বৃহৎ অনুষ্ঠান গঢ়াত আপুণি লোৱা উদ্যোগক ধন্যবাদ জনাইছোঁ।

তেওঁ লগতে কয় যে ১৯৬৫ চনত বি এছ এফ স্থাপিত হোৱাৰ পিছত দেশৰ অন্তৰ্ৱৰ্তী আৰু বাহ্যিক নিৰাপত্তাৰ দিশত কাম কৰি এতিয়া তেওঁলোকৰ কাম কাজ বিটিআৰলৈ সম্প্ৰসাৰিত কৰিছে। সেনা বাহিনী আৰু অৰ্ধসামৰিক বাহিনীৰ কষ্টৰ বিনিময়ত দেশৰ নাগৰিক সকলে শান্তিৰে জীয়াই থাকিবলৈ সক্ষম হৈছে। দেশ ৰক্ষাৰ নামত প্ৰাণ বলি দিয়া দেশৰ বীৰ ছহিদ সকলকো শ্ৰদ্ধা জ্ঞাপন কৰে প্ৰমোদ বড়োৱে।

লগতে পঢ়ক: ভয়ংকৰ খৱৰ: মাৰ্ঘেৰিটাত কয়লা চোৰে নিয়োজিত কৰিছে বিদ্যালয় এৰা শিশুক!

দেশৰ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীক সম্বোধন  কৰি বড়োয়ে  কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশত বিকাশৰ কামৰ বৈপ্লৱিক পৰিৱৰ্তন আহিছে। এতিয়া বাস্তৱ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী গৰাকীৰ বাণী সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু  সবকা প্ৰয়াস কথাশাৰী আগুৱাই গৈ আছে। এন ডি এ চৰকাৰে গ্ৰহণ কৰা নীতিয়ে  সমাজৰ পুৰুষ মহিলা, যুৱক যুৱতী, ছাত্র-ছাত্ৰী সকলোকে লাভাম্বিত কৰিছে। তেওঁ পুণৰ কয়-কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলক এতিয়া যথেষ্ট ভাল দৃষ্টিৰে গ্ৰহণ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীৰ মাগ দৰ্শনৰ বাবে আৰু প্ৰচেষ্টাৰ বাবেই ২০২০ চনৰ ২৭ জানুৱাৰীত বিটিআৰ শান্তি চুক্তি স্বাক্ষৰিত হৈছিল আৰু  সেই বাবে মই আজি প্ৰধান মন্ত্ৰী আৰু গৃহ মন্ত্ৰী গৰাকীক ধন্যবাদ জ্ঞাপন কৰিছোঁ।

আমিত শ্বাহক প্ৰশংসা কৰি তেওঁ কয়- বড়ো ভাষা, কৃষ্টি-সংস্কৃতি ৰক্ষাৰ বাবে আপুনি যি ধৰণে কাম কৰিলে তাৰ বাবে মই সদায় কৃতজ্ঞ হৈ থাকিম। প্ৰমোদ বড়োয়ে কয়- কেন্দ্ৰীয় চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ সহযোগত বিটিআৰ চুক্তি পূৰ্ণৰূপত কাৰ্যকৰী কৰি গৈ আছোঁ। কেন্দ্ৰীয় চৰকাৰ সহযোগত মুলসুঁতিলৈ উভতি অহা  ৬০০০ হাজৰতকৈ অধিক যুৱকক পুণৰ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰা হৈছে। আমি আশা কৰো আজি আধাৰশিলা কৰা এই প্ৰকল্পটো অতি সোনকালে সম্পূৰ্ণ হৈ উঠিব। 

আনহাতে, বিশাল জনসভাখন সম্বোধন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয়– যেতিয়া মই বড়োভূমিলৈ আহো বহু উৎসাহ আৰু বহু মৰম লগত লৈ দিল্লীলৈ উভতি যাও। যেতিয়া মই ৭ বছৰ আগতে প্ৰথমবাৰৰ বাবে বড়োভূমিলৈ আহিছিলোঁ তেতিয়া অসমত আমাৰ চৰকাৰ নাছিল। সেই  সময়ত যুৱকসকলে হাতত অস্ত্ৰ লৈ সংঘৰ্ষত লিপ্ত হৈছিল। সেই সময়ত হিংসাৰ ৰাজনীতি চলিছল। বহু যুৱকৰ মৃত্যু হৈছিল। সেই সময়তে মই কথা দিছিলো যে নিৰ্বাচনৰ পিছত অসমত বিজেপিৰ চৰকাৰ হ’লে তেতিয়া অসমৰ উগ্ৰপন্থীৰ সমস্যা নোহোৱা কৰিম। মই ৭ বছৰ পিছত ইয়ালৈ আহি দেখিলোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত এতিয়া অসমত শান্তি প্ৰতিষ্ঠা হৈছে। অসমৰ ৯ হাজাৰতকৈ অধিক গোটে অস্ত্ৰ সম্বৰণ কৰি মুলসূঁতিলৈ ঘূৰি আহিছে। এতিয়া এই অঞ্চল বোমা বাৰুদৰ পৰা মুক্ত হৈ ইয়াত শিক্ষা, উদ্যোগ আৰু খেতিবাতিৰ দিশত আগবাঢ়িছে। বড়ো চুক্তিৰ ৰূপায়ণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ৯০ শতাংশ কাম সম্পূৰ্ণ কৰিছে।

লগতে পঢ়ক: ব্যৰ্থতা, প্ৰতাৰণা আৰু কু-শাসনৰ দস্তাৱেজ এবছৰীয়া হিমন্ত চৰকাৰ- লুৰীণজ্যোতি গগৈ

তেওঁ পুণৰ ভাষণ প্ৰসংগত কয়-স্বাধীনতাৰ পিছত অসম বিধান সভাৰ অধ্যক্ষ পদত কোনো বড়ো যুৱক অধিষ্ঠিত হব পৰা নাছিল। কিন্তু আজি অসম বিধানসভাৰ অধ্যক্ষ পদত বড়ো ভূমিৰ পৰা যোৱা এজন বড়ো যুৱক অধিস্থিত হব পাৰিছে। মই পুণৰ তামুলপুৰলৈ আহি আশ্বস্ত  কৰিব বিচাৰো যে বড়ো ভূমিৰ ৰাইজ সামাজিক, ৰাজনৈতিক, আৰ্থিক আৰু অৰ্থনৈতিক দিশত আৰু অধিক স্বচ্ছল হব।  ইয়াৰ ভাষা, কৃষ্টি, সংস্কৃতি আৰু আৰ্থিক বিকাশ কেবল আপোনালোকৰ চিন্তা কৰাণ হৈ নাথাকে। ইয়াৰ চিন্তা কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে কৰি আছে। বড়োভূমিৰ সৰ্বাংগিন বিকাশ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত এখোজ এখোজ কৈ আগবাঢ়ি আছে। এতিয়াৰ বড়ো ভূমি আত্মনিৰ্ভৰশীল বড়ো ভূমিৰ দিশে আগবাঢ়ি গৈ আছে।

তেওঁ কয় -আজি আধাৰশিলা স্থাপন কৰা এই প্ৰকল্পত  অস্ত্ৰভাণ্ডৰ থকাৰ উপৰিও চি আৰ পি এফ, আৰ এ এফ, আই টি বি পি, চি আই এছ এফ, এছ এছ বি আদিকে ধৰি বিভিন্ন চৰকাৰী বাহিনীৰ অস্ত্ৰ সমূহ মেৰামতি কৰা হব। ইয়াৰ দ্বাৰা অসমৰ সুৰক্ষা  আৰু অধিক সুনিশ্চিত হব। ডঃ হিমন্ত বিশ্ব শৰ্মাক গৃহমন্ত্ৰী গৰাকীয়ে  ধন্যবাদ দি কয়-  ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰমোদ বড়োৱে এই প্ৰকল্পটো নিৰ্মাণৰ বাবে ৫০ একৰ মাটি দিয়াৰ বাবে তেওঁলোক ধন্যবাদৰ পাত্ৰ। অনতি পলমে এই প্ৰকল্পটোৰ কাম সম্পূৰ্ণ কৰা হব আৰু ইয়াৰ জৰিয়তে ভাৰতৰ সুৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হব। এই প্ৰকল্পৰ নামত ৫০ কৌটি টকা ব্যয় হব। এই প্ৰকল্পটো নিৰ্মাণ হোৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ ২৫ কোটি টকা  ৰাহি হব।

অসম খাদী আৰু গ্ৰাম উদ্যোগৰ কথা উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ উৎপাদিত সামগ্ৰী ১৬০ খন অৰ্ধসমাৰিক বাহিনীৰ কেন্টিনত উপলব্ধ কৰা হব। খাদী গ্ৰামোদ্যোগ আয়োগে কেৱল গ্ৰামীণ বিকাশৰ ক্ষেত্ৰত কাম কৰি থকা নাই বুলি উল্লেখ কৰি নিবনুৱা সকলৰ সমস্যা সমাধানৰ বাবেও ই কাম কৰি আহিছে বুলি মন্তব্য কৰে। ইয়াৰ দ্বাৰা নিবনুৱা সমস্যা সমাধান কৰাৰ ক্ষেত্ৰতো কাম কৰি আহিছে বুলিও মন্তব্য কৰি তেওঁ কয় নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পিছত খাদী গ্ৰামোদ্যোগ আয়োগে ১ লাখ কোটি  টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। মৌ পালনৰ দ্বাৰা কৃষক অধিক টনকিয়াল কৰাৰ বাবে ব্যৱস্থা লবলৈ খাদী গ্ৰামদ্যোগ  আয়োগৰ সঞ্চালকক আহ্বান জনায় গৃহমন্ত্ৰী গৰাকীয়ে। এনে আত্মসংস্থানমূলক কাৰ্য্যৰ দ্বাৰা ৰক্তপাতত বিপৰ্যস্ত হোৱা বড়ো ভূমিৰ যুৱক আৰু অস্ত্ৰ সম্বৰণ কৰা যুৱক সকলৰ আত্মসংস্থাপনৰ পথ মুকলি হব আৰু তেওঁলোক  দেশৰ বিকাশৰ সৈতে জড়িত হব বুলিও মন্তব্য কৰে গৃহমন্ত্ৰীয়ে।

লগতে পঢ়ক: বিজেপিৰ শাখা সংগঠন হিচাপে কাম কৰিছে নেকি ভাৰতৰ নিৰ্বাচনী আয়োগে?

ভাষণ প্ৰসংগত তেওঁ কয়- বিটিআৰৰ বিকাশৰ বাবে যি ১৫০০ কৌটি টকাৰ পেকেজ দিয়া হৈছিল তাক বৃদ্ধি কৰি সেই পেকেজ বিশেষ পেকেজ হিচাপে ১৯৮০ কৌটি টকালৈ বৃদ্ধি কৰা হ’ল। নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যি চৰকাৰ চলি আছে সেই চৰকাৰে বড়োভূমিৰ বিকাশৰ ক্ষেত্ৰত দায়বদ্ধ থাকিব বুলিও মন্তব্য কৰে গৃহমন্ত্ৰী গৰাকীয়ে।

দীপক কুমাৰ পাঠক, তামুলপুৰ

দীপক কুমাৰ পাঠক, তামুলপুৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ক্ৰুষ্ণাৰ সৈতে বিবাদৰ বাবে কপিল শৰ্মাৰ শ্ব’ এৰিছে কিকুৱে? হাঁহি-আনন্দৰ মাজত এনেকুৱা কি ঘটিল?

ক্ৰুষ্ণাৰ সৈতে বিবাদৰ বাবে কপিল শৰ্মাৰ শ্ব’ এৰিছে কিকুৱে? হাঁহি-আনন্দৰ মাজত এনেকুৱা কি ঘটিল?

September 4, 2025 9:02 pm
নেপালত নিষিদ্ধ হ’ল ফেচবু্ক, ইনষ্টাগ্ৰাম, হোৱাটছ এপ, ইউটিউবকে ধৰি ২৬ টা  ছ’চিয়েল মিডিয়া প্লেটফৰ্ম

নেপালত নিষিদ্ধ হ’ল ফেচবু্ক, ইনষ্টাগ্ৰাম, হোৱাটছ এপ, ইউটিউবকে ধৰি ২৬ টা  ছ’চিয়েল মিডিয়া প্লেটফৰ্ম

September 4, 2025 8:54 pm
বিদেশীৰ বোজা মানি লোৱা নহ’ব : ৰাজীৱ ভৱনত সংবাদমেলত হুংকাৰ ৰিপুণ বৰা-দেৱব্ৰত শইকীয়াৰ

বিদেশীৰ বোজা মানি লোৱা নহ’ব : ৰাজীৱ ভৱনত সংবাদমেলত হুংকাৰ ৰিপুণ বৰা-দেৱব্ৰত শইকীয়াৰ

September 4, 2025 8:30 pm
মণিপুৰৰ কুকি-জো উগ্ৰপন্থী সংগঠনসমূহৰ সৈতে ‘অভিযান স্থগিত’ চুক্তি নবীকৰণৰ পথত কেন্দ্ৰ

মণিপুৰৰ কুকি-জো উগ্ৰপন্থী সংগঠনসমূহৰ সৈতে ‘অভিযান স্থগিত’ চুক্তি নবীকৰণৰ পথত কেন্দ্ৰ

September 4, 2025 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ক্ৰুষ্ণাৰ সৈতে বিবাদৰ বাবে কপিল শৰ্মাৰ শ্ব’ এৰিছে কিকুৱে? হাঁহি-আনন্দৰ মাজত এনেকুৱা কি ঘটিল?

ক্ৰুষ্ণাৰ সৈতে বিবাদৰ বাবে কপিল শৰ্মাৰ শ্ব’ এৰিছে কিকুৱে? হাঁহি-আনন্দৰ মাজত এনেকুৱা কি ঘটিল?

September 4, 2025 9:02 pm
নেপালত নিষিদ্ধ হ’ল ফেচবু্ক, ইনষ্টাগ্ৰাম, হোৱাটছ এপ, ইউটিউবকে ধৰি ২৬ টা  ছ’চিয়েল মিডিয়া প্লেটফৰ্ম

নেপালত নিষিদ্ধ হ’ল ফেচবু্ক, ইনষ্টাগ্ৰাম, হোৱাটছ এপ, ইউটিউবকে ধৰি ২৬ টা  ছ’চিয়েল মিডিয়া প্লেটফৰ্ম

September 4, 2025 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd