• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিজেপিৰ শাখা সংগঠন হিচাপে কাম কৰিছে নেকি ভাৰতৰ নিৰ্বাচনী আয়োগে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 9, 2022 7:02 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰ শাখা সংগঠন হিচাপে কাম কৰিছে নেকি ভাৰতৰ নিৰ্বাচনী আয়োগে? মোদী চৰকাৰৰ চৰম হস্তক্ষেপ পৰিছে নেকি দেশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আয়োগটোত? বিৰোধী পক্ষই সততে এইদৰে অভিযোগ উত্থাপন কৰি আহিছে। এইবাৰ এই অভিযোগ উত্থাপন কৰা হৈছে কাশ্মীৰক কেন্দ্ৰ কৰি। কিন্তু কিয়?

জম্মু-কাশ্মীৰ। ভাৰতৰ সাৰ্বভোমত্ব আৰু সন্মান ৰক্ষাৰ বাবে এই ৰাজ্যখন অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈ আহিছে। সেইবাবেই কংগ্ৰেছ চৰকাৰৰ দিনত ৰাজ্যখনক সংবিধান অনুযায়ী ৩৭০ ধাৰা প্ৰদান কৰা হৈছিল। এই ৩৭০ ধাৰাই কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰি আহিছিল।

কিন্তু ২০১৯ চনৰ ৫ আগষ্টত মোদী চৰকাৰে এই ৩৭০ ধাৰা উঠাই লয়। শেহতীয়া সময়ত কাশ্মীৰত শাসনাধীষ্ঠ হৈ আছিল পিডিপি-বিজেপি নেতৃত্বাধীন চৰকাৰ। মোদী চৰকাৰৰ অতি চৰ্চিত এই পদক্ষেপে কাশ্মীৰক কেন্দ্ৰীয় শাসিত ৰাজ্য কৰি তোলে। সেই অনুসৰি ২০১৯ চনৰ পৰা ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন চলি আহিছে আৰু কোনো নিৰ্বাচন অনুষ্ঠিত হোৱা নাই। কিন্তু এইবাৰ কাশ্মীৰত নিৰ্বাচন পাতিবলৈ ব্যস্ত হৈ পৰিছে মোদী চৰকাৰ।

Apply Now

লগতে পঢ়ক: ব্যৰ্থতা, প্ৰতাৰণা আৰু কু-শাসনৰ দস্তাৱেজ এবছৰীয়া হিমন্ত চৰকাৰ- লুৰীণজ্যোতি গগৈ

কেৱল নিৰ্বাচন অনুষ্ঠিত কৰাই নহয়, কাশ্মীৰৰ বিধানসভা আসনসমূহৰো সংস্কাৰ সাধন কৰা হৈছে। এই কামৰ দায়িত্বত আছিল নিৰ্বাচন আয়োগৰ ডিলিমিটেশ্বন কমিচন। ২০২০ চনৰ মাৰ্চ মাহত এই কমিচন গঠন কৰা হৈছিল। বৃহস্পতিবাৰে পোৱা খবৰ অনুযায়ী, মুৰব্বী অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰঞ্জনা দেশাইৰ নেতৃত্বত ডিলিমিটেশ্বন কমিচনে নিজৰ ৰিপ’ৰ্ট কেন্দ্ৰীয় চৰকাৰক জমা দিয়ে।

পূৰ্বতে জম্মু-কাশ্মীৰত বিধানসভা আসনৰ সংখ্যা আছিল ৮৩টা। কিন্তু এইবাৰ ইয়াক ৯০টালৈ বৃদ্ধি কৰা হৈছে। অৰ্থাৎ সাতখনকৈ নতুন বিধানসভা আসন সৃষ্টি কৰা হৈছে। কেইবাখনো বিধানসভা আসনৰ নামো সলনি কৰা হৈছে।

উল্লেখযোগ্য যে জম্মু আৰু কাশ্মীৰ ৰাজ্যখন ভৌগোলিকভাৱে বৰ্তমান দুটা ভাগত বিভক্ত। এটা হৈছে জম্মু আৰু আনটো কাশ্মীৰ। ২০১১ চনৰ লোকপিয়ল অনুসৰি জম্মুত ৫৩.৭২ লাখ লোকে বাস কৰে। আনহাতে, কাশ্মীৰত বাস কৰে ৬৮.৮৩ লাখ লোকে। জম্মু হিন্দুপ্ৰধান হোৱাৰ বিপৰীতে কাশ্মীৰ উপত্যকা হৈছে মুছলিম অধ্যুষিত। ডিলিমিটেশ্বন কমিচনে কাশ্মীৰক ৪৭ খন আসন দিয়াৰ বিপৰীতে জম্মুক দিছে ৪৩খন।

লক্ষ্যণীয়ভাৱে নতুনকৈ যোগ কৰা ছখন আসনেই হিন্দু অধ্যুষিত অঞ্চল জম্মুক কেন্দ্ৰ কৰি গঠন কৰা হৈছে। কেৱল এখন আসনহে মুছলমান অধ্যুষিত অঞ্চলে লাভ কৰিছে। সেইবাবেই বিৰোধী পক্ষই ইয়াৰ বিৰুদ্ধাচাৰণ কৰিছে। তেওঁলোকৰ মতে, ইয়াৰ জৰিয়তে বিজেপিয়ে কাশ্মীৰ দখল কৰিব বিচাৰিছে। এই অভিযোগ অৱশ্যে বিৰোধী পক্ষই আগৰে পৰাই কৰি আহিছে। এতিয়া নিৰ্বাচনী আয়োগৰ এই ৰিপ’ৰ্টক কেন্দ্ৰ কৰি উত্তাল হৈ আছে কাশ্মীৰৰ ৰাজনীতি।

লগতে পঢ়ক: হিন্দুত্ববাদ আৰু গণতন্ত্ৰ

বিৰোধী ৰাজনৈতিক দলসমূহৰ মতে, কাশ্মীৰৰ মুছলমানসকলক সংখ্যালঘু কৰিবলৈকে মোদী চৰকাৰে এই সিদ্ধান্ত লৈছে। ভোটবিন্যাস অনুসৰি হিন্দুপ্ৰধান জম্মুৰ প্ৰতি বিজেপিয়ে তীক্ষ্ণ দৃষ্টি ৰাখিছে। বিৰোধী দলসমূহৰ মতে, কাশ্মীৰৰ আন ঠাইসমূহত নিজিকিলেও কেৱল জম্মুৰ আসনসমূহত বিজয়ী হ’লেই বিজেপিয়ে কাশ্মীৰত চৰকাৰ গঠন কৰিব পাৰিব।

সঁচাকৈয়ে মুছলিম প্ৰধান কাশ্মীৰো ভৱিষ্যতে গেৰুৱা হৈ পৰিব নেকি? বৰ্তমানলৈকে ৰাষ্ট্ৰীয় দলসমূহে জম্মু-কাশ্মীৰত বিশেষ সফলতা লাভ কৰা নাই। বিশেষ ৰাজ্যৰ মৰ্যাদা থকাৰ বাবেই ইমানদিনে ৰাজ্যখনত আঞ্চলিক শক্তিসমূহেই চৰকাৰ গঠন কৰি আহিছে। তেনেস্থলত বিধানসভা আসনসমূহৰ এনেদৰে পুনৰ্বিন্যাস কৰি কাৰ স্বাৰ্থ পুৰণ কৰা হৈছে? এইসমূহ প্ৰশ্নৰ উত্তৰ পোৱা যাব কাশ্মীৰত অনুষ্ঠিত হ’ব লগা অনাগত নিৰ্বাচনত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd