ধৰ্ষণৰ গোচৰ ৰুজু হোৱাৰ পিছত কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইয়ে গোন্ধ পাইছে ‘ৰাজনৈতিক ষড়যন্ত্ৰ’ৰ

Rajen-Gohian-570x320

কেন্দ্রীয় মন্ত্রী ৰাজেন গোঁহাই : ফাইল ফটো

কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে নগাওঁ সদৰ থানাত এগৰাকী মহিলাই তেওঁক ধৰ্ষণ কৰা বুলি গোচৰ ৰুজু কৰাৰ বাতৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰাৰ পিছত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি এই ঘটনাক ‘ৰাজনৈতিক ষড়যন্ত্ৰ’ বুলি অভিহিত কৰিছে।

নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত আজি কেন্দ্ৰীয় মন্ত্ৰী গোঁহাইয়ে কয়, ‘’ যোৱাকালিৰে পৰা সংবাদ মাধ্যমত মোৰ বিৰুদ্ধে প্ৰকাশিত বাতৰিটো মোৰ বিৰুদ্ধে এটা ৰাজনৈতিক ষড়যন্ত্ৰ। ভগবান আছে। তদন্ত চলি আছে। কোন সত্য আৰু এই ষড়যন্ত্ৰৰ আঁৰত কোন আছে সকলোবোৰ ওলাই পৰিব।‘’

কেন্দ্ৰীয় মন্ত্ৰী গোঁহাইয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘’ প্ৰতিটো নিৰ্বাচনৰ আগতে মোৰ বিৰুদ্ধে এটা ৰাজনৈতিক ষড়যন্ত্ৰ ৰচনা কৰা হয়। ইয়াৰ আগেয়েও ২০০৬, ২০১১ আৰু ২০১৬ চনত মই ৰাজনৈতিক ষড়যন্ত্ৰৰ সন্মুখীন হৈছো। কিন্তু মই মোৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰিছো তৃণমূল পৰ্যায়ৰ পৰা। গতিকে মই সদায় ৰাইজৰ সৈতে ভাল সম্পৰ্ক ৰক্ষা কৰি আহিছো।‘’

উল্লেখযোগ্য যে  নগাওঁ সদৰ থানাত যোৱা ২ আগষ্টত নগাওঁ জিলাৰ দেউৰী গাৱঁৰ এগৰাকী ২৬ বছৰীয়া মহিলাই ৬৮ বছৰীয়া মন্ত্ৰীজনৰ বিৰুদ্ধে তেওঁক মন্ত্ৰীজনে ধৰ্ষণ কৰা বুলি এটা গোচৰ ৰুজু কৰিছিল। ইমান দিনে কথাটো গোপনে ৰখা হৈছিল যদিও নগাওঁ আৰক্ষীয়ে শুকুৰবাৰে এই কথা নিশ্চিত কৰে।

“এগৰাকী মহিলাৰ অভিযোগৰ ভিত্তিত মন্ত্ৰীজনৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰা হৈছে। আমি বিষয়টো তদন্ত কৰি আছো।” নগাওঁ জিলাৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিয়ে নৰ্থ-ইষ্ট নাওক জানিবলৈ দিয়ে।

আৰক্ষীৰ সূত্ৰটোৱে জনোৱামতে, বিজেপিৰ পুৰণি নেতা হিচাপে দলত বিশেষ স্থান থকা তথা নগাওঁ লোকসভা সমষ্টিৰ পৰা ৪ বাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱা মন্ত্ৰীজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪১৭, ৩৭৬ আৰু ৫০৬ ধাৰাৰ অধীনত 2592/18 ৰ নম্বৰত গোচৰ ৰুজু হৈছে।

আৰক্ষীয়ে জনোৱা মতে, অভিযোগকাৰী মহিলাগৰাকীৰ ভাষ্য ইতিমধ্যে লিপিবদ্ধ কৰা হৈছে। অভিযুক্ত মন্ত্ৰীজনকো অচিৰেই জেৰা চলোৱাৰ সম্ভাৱনা আছে।

তাৎপৰ্য্যপূৰ্ণভাৱে এই ঘটনাৰ সমান্তৰালভাৱে ছ’চিয়েল মিডিয়াত এখন ফটো ভাইৰেল হৈছে, য’ত এজন লোকে এগৰাকী মহিলাক বল প্ৰয়োগৰ চেষ্টা কৰা দেখা গৈছে। ফটোখনৰ এই লোকজন মন্ত্ৰী ৰাজেন গোহাঁই আৰু মহিলাগৰাকীক অভিযোগকাৰী মহিলাগৰাকী বুলি ছ’চিয়েল মিডিয়াত চৰ্চা হোৱা দেখা গৈছে।