টোল গেট বন্ধ কৰাৰ নিৰ্দেশ জাৰি কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীৰ

index.jpg11

ক’ৰনা ভাইৰাচৰ সংক্ৰমণ প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ সকলো টোল গেটত কৰ সংগ্ৰহ ব্যৱস্থা বন্ধ কৰাৰ নিৰ্দেশ দিছে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে  ।

অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰি দিয়া হৈছে কৰ সংগ্ৰহৰ ব্যৱস্থা।নতুন নিৰ্দেশ নিদিয়া পৰ্যন্ত কোনো টোল গেটত সংগ্ৰহ কৰিব নোৱাৰিব কৰ।এই কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় পথ-পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে।

মন্ত্ৰী জনে নিজৰ  টুইটাৰত এই নিৰ্দেশ জাৰি  কৰি দেশৰ জৰুৰীকালীন সেৱাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । লকডাউনৰ ফলত ইতিমধ্যে দেশতে বৰ্তমান বন্ধ হৈ পৰিছে সকলো ধৰণৰ বাহন চলাচল।

একমাত্ৰ জৰুৰীকালীন সেৱা আৰু খাদ্য-সামগ্ৰী সৰবৰাহত জড়িত বাহন সমূহৰহে আছে চলাচল কৰাৰ অনুমতি।

উল্লেখ্য যে বিশ্বত সংসাৰী ৰূপ ধাৰণ কৰা ক’ৰনা ভাইৰাছে শেহতীয়া ভাৱে দেশতো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।