২২ ছেপ্তেম্বৰত ত্ৰিপুৰাত গাৰ্জী-ছান্তিৰ বজাৰ নামৰ নতুন ৰে’ল উদ্বোধন কৰিব কেন্দ্ৰীয় মন্ত্ৰী পীয়ূষ গোৱেলে

Lockdown: Indian Railways to gradually restart passenger train operations from May 12

প্ৰতিনিধিত্বমূলক চিত্ৰ

২২ ছেপ্তেম্বৰত ত্ৰিপুৰাৰ আগৰতলাত গাৰ্জী-ছান্তিৰ বজাৰ নামেৰে এখন নতুন ৰে’ল সেৱাৰ শুভাৰম্ভণি কৰিব কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী পীয়ূষ গোৱেলে।

উল্লেখ্য যে কেন্দ্ৰীয় মন্ত্ৰী গোৱেলে চাৰিদিনীয়া ভ্ৰমণসূচীৰে অহা ২০ ছেপ্তেম্বৰত উত্তৰ-পূবত উপস্থিত হ’ব। আৰু এই ভ্ৰমণসূচীৰ সময়তে তেওঁ আগৰতলা ৰে’ল ষ্টেশ্যনৰ পৰা উক্ত ৰে’ল সেৱা ৰাইজৰ বাবে উৎসৰ্গিত কৰিব।

ৰে’ল সেৱাৰ শুভাৰম্ভণি অনুষ্ঠানত ৰাজ্যখনৰ মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেব, পৰিবহন মন্ত্ৰী প্ৰাণজিৎ সিংঘা ৰয়ৰ লগতে ৰে’লৱে বিভাগৰ বহুতো জ্যেষ্ঠ বিষয়া উপস্থিত থাকিব।

জানিব পৰা মতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উত্তৰ-পূব ভ্ৰমণৰ সময়ত গুৱাহাটীত এন এফ ৰে’লৱেৰ উচ্চ পদস্থ বিষয়াৰ সৈতে মিলিত হৈ উত্তৰ-পূবত চলি থকা বিভিন্ন প্ৰকল্প সমূহৰ বিষয়ে বিশদভাৱে আলোচনা কৰিব।

আনহাতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শ্বিলঙলৈ গৈ বৰ্ণিহাট-শ্বিলং ৰে’লৱে সংযোগী পথটোৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাৰ লগতো এক বৈঠকত মিলিত হ’ব বুলি জানিব পৰা গৈছে।

ৰে’ল মন্ত্ৰী হিচাপে প্ৰথমবাৰৰ বাবে উত্তৰ-পূব ভ্ৰমণলৈ আহিবলগীয়া পীয়ূষ গোৱেলে ২৩ ছেপ্তেম্বৰত অৰুণাচল আৰু মিজোৰামৰ মুখ্য মন্ত্ৰীৰ সৈতেও এলানি আলোচনাত মিলিত হ’ব।