ভাৰতীয় সংবিধানতো অংকিত আছে ৰাম-সীতাৰ ছবি

ram- sita

ৰাম এক সত্বা।

কেৱল ধৰ্মীয় দৃষ্টিকোণৰ পৰাই ৰামক দেশবাসীয়ে চোৱা নাই।

ৰামৰ অস্তিত্বই বাৰে বাৰে সোঁৱৰাই আহিছে অপশক্তিৰ বিৰুদ্ধে শুভ শক্তিৰ বিজয়ৰ কথা।

ভাৰতীয় দৰ্শন,সমাজ-সভ্যতাৰ সৈতে ৰামৰ সম্পৰ্ক প্ৰাচীন।

সেইবাবেই ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ দেশ হ’লেও ভাৰতীয় সংবিধানত জিলিকি আছে ৰাম-সীতাৰ ছবি।

ভাৰতীয় সংবিধানৰ মূল প্ৰতিলিপিৰ মৌলিক অধিকাৰ অধ্যায়ৰ আৰম্ভনিতে সন্নিবিষ্ট কৰা হৈছে ৰাম-সীতাৰ এখন স্কেছ।

অযোধ্যাত ৰাম মন্দিৰৰ শিলান্যাসৰ সময়তে কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে ৰাজহুৱা কৰিছে ভাৰতীয় সংবিধানত থকা ৰাম-সীতাৰ সেই আপুৰুগীয়া স্কেছ খন।

কেন্দ্ৰীয় আইন মন্ত্ৰী গৰাকীয়ে তেওঁৰ টুইটাৰত এইবুলি উল্লেখ কৰিছে যে ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰ শিতানত থকা ৰাম-সীতাৰ সুন্দৰ স্কেছখনত ৰামে ৰাৱণক পৰাস্ত কৰি অযোধ্যালৈ উভতি অহা দেখুওৱা হৈছে।

ছবি খন সকলোৰে বাবে টুইটাৰত মুকলি কৰি প্ৰসাদে আনন্দ প্ৰকাশ কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে আজিৰ দিনটো ভাৰতবাসীৰ বাবে আত্ম সন্মাণৰ দিন বুলিও উল্লেখ কৰিছে।

উল্লেখ্য আজি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অযোধ্যাত ৰাম মন্দিৰৰ শিলান্যাস কৰে।

প্ৰায় ৫০০ বছৰীয়া অপেক্ষাৰ অন্তত অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ কামো আজিৰে পৰাই আৰম্ভ হয়।

এনে সময়তে সংবিধানত থকা ৰাম-সীতাৰ স্কেছ খনৰ গুৰুত্ব আৰু অধিক প্ৰাসংগিক হৈ পৰিছে।